Breaking

প্ৰবক্তা প্ৰদীপ বৰুৱাৰ মৃত্যুত কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ত শো‌কৰ ছাঁ…

0 81

নগাঁও জিলাৰ কুৰুৱাবাহীৰ গেদাৰবড়ি গাঁৱৰ নিবাসী তথা কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা প্ৰদীপ বৰুৱাৰ মৃত্যুত কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়খনত শোকৰ ছাঁ পৰে। খবৰ অনুসৰি ৩০ মেৰ নিশা ১১ বজাত নিজ বাসগৃহত প্ৰদীপ বৰুৱাৰ কৰ্কট ৰোগত মৃত্যু হয়। ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯৬ চনৰ চাৰি মাৰ্চত কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে চাকৰিত যোগদান কৰে।বৰুৱাৰ মৃত্যুত যোৱা কালি কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ত এখন শোকসভা অনুষ্ঠিত হৈ যায়।

অধ্যক্ষ ৱাজিদুল হকে আঁত ধৰা শোকসভাখনত প্ৰৱক্তা ড০ আশ্রফ ৱাহিদ, ইকবাল হুদা,তাইজ উদ্দিন খান আৰু সাংবাদিক আবুল হুছেইনে বৰুৱাৰ কৰ্ম জীৱনৰ আলোকপাত কৰে। শোক সভাখনত বৰুৱাৰ আত্মাৰ চিৰশান্তি বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনাও কৰা হয়।মৃত্যুৰ সময়ত বৰুৱাৰ অনুমানিক বয়স আছিল ৫২ বছৰ ।মৃত্যুৰ সময়ত বৰুৱাই নিজৰ স্ত্ৰী, এগৰাকী পুত্ৰ সন্তানৰ লগতে বহুতো গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বৰুৱাৰ মৃত্যুত কটহগুৰিত শোকৰ ছাঁ পৰে।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

Leave A Reply