বহৰি সত্ৰৰ মুখ্য পাঠক কেশৱ তালুকদাৰৰ দেহাৱসান

বৰপেটা জিলাৰ বহৰি সত্ৰৰ মুখ্যপাঠক, সত্ৰীয়া নামদলৰ শিল্পী, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজসেৱক কেশৱ তালুকদাৰৰ যোৱা ১৬ আগষ্টত মৃত্যু হয় ৷ ১৯৩৮ চনত বহৰি গাঁৱত জন্মগ্ৰহন কৰা কেশৱ তালুকদাৰে ২০০৩ বৰ্ষত বহৰি বামুণপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল ৷ প্ৰায়  ৫০ বছৰৰো অধিক কাল ধৰি বহৰি সত্ৰৰ নামদলৰ পাঠক হিচাপে জৰিত হৈ আছিল ৷ ইপিনে অৱসৰ গ্ৰহনৰ পিচৰেপৰাই তেও বহৰি সত্ৰৰ মুখ্য পাঠক হিচাপে সত্ৰৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল ৷ বহৰি সত্ৰ পৰিচালনা সমিতিৰ সৈতেও তেও দীৰ্ঘকাল জৰিত হৈ আছিল ৷ কেবাবছৰ ধৰি জটিল ৰোগত ভূগি শয্যাশায়ী অৱস্থাত থকা তালুকদাৰে মৃত্যুৰ সময়ত পত্নী, দুই বোৱাৰী, এগৰাকী পুত্ৰ আৰু দুই কন্যাক এৰি থৈ যায় ৷ তেওৰ মৃত্যুত বহৰি সত্ৰ পৰিচালনা সমিতি আৰু লাউপাৰা উন্নয়ন সমিতিয়ে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে ৷

Related Articles