অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২২ -২৩ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়োৱাত উৎফুল্লিত দৰঙীয়া লোকশিল্পী সকল…

দৰঙী লোক কলা কৃষ্টিৰে সংপৃক্ত মাটিৰ শিল্পী চাৰি লোকশিল্পী ক্ৰমে ছিপাঝাৰৰ চমুখাৰ ব্যাসৰ ওজাপালিৰ জ্যেষ্ঠ দাইনাপালি ইচ্ছাৰাম বৰুৱা ( ৮৫ ) , দুনী ভেৰুৱাৰ ব্যাস সংগীতৰ জ্যেষ্ঠ ওজা তথা খুলীয়া ভাউৰীয়াৰ শিল্পী প্ৰতাপ চন্দ্ৰ শৰ্মা ,

দক্ষিন চুবুৰীৰ ঢেপাঢুলীয়া শিল্পী তথা খুলীয়া ভাউৰীয়াৰ প্ৰবীন বহুৱা শিল্পী প্ৰফুল্ল নাথ(৮০) আৰু দক্ষিন চুবুৰিৰে সুকনানি সংগীতৰ ওজা ৰত্নেশ্বৰ বড়া ( ৭৪ ) লৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২২ -২৩ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়োৱাত উৎফুল্লিত হৈছে দৰঙীয়া লোকশিল্পী সকল ।

অতি দৰিদ্ৰ পৰিয়ালৰ এই লোকশিল্পী কেইগৰাকীক শিল্পী পেঞ্চন আগবঢ়োৱাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ,সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আৰু

সাংস্কৃতিক সঞ্চালক মিনাক্ষী দাস নাথলৈ ধন্যবাদ জনাইছে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই ।


একেদৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ আৰু সম্পাদক বসন্ত শইকীয়াই পেঞ্চন প্ৰাপক লোকশিল্পী সকলক অভিনন্দন জনাইছে ।

Related Articles