Breaking

কৃষিখণ্ডৰ উন্নতিতহে নিৰ্ভৰ কৰে সবল অৰ্থনীতিৰ বুনিয়াদ

0 11
  • ফুকন ৰাজবংশী

স্বাধীন ভাৰতৰ বিগত দশককেইটাত বিভিন্ন দলৰ চৰকাৰ গঠন হ’ল, ভংগও হ’ল৷ কিছুমান একঘেয়ামি পৰিকল্পনাকে নতুন নতুন ৰূপ দি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ মনোকামনা পূৰ কৰি গ’ল৷ তাৰ মাজতে নকৰিলে নহয় বাবে তেওঁলোকে বিভিন্ন উন্নয়নমূলক কামো কৰিবলৈ অৱশ্যে পাহৰা নাই৷ হ’লেও এই কথাত কাৰো দ্বিমত নাই যে ভাৰতবাসীয়ে প্ৰতীক্ষিত উন্নয়নৰ ধাৰা এতিয়াও দেখিবলৈ পোৱা নাই৷ দলবোৰৰ নামসমূহ বেলেগ বেলেগ কিন্তু ৰাজনৈতিক আদৰ্শৰ ফালে চাবলৈ গ’লে কি আঞ্চলিক কি সৰ্বভাৰতীয়, আটাইবোৰ দলৰে যেন বৰ এটা তফাৎ নাই৷ গাদী আৰু ক্ষমতা দখলেই সকলোৰে মূল লক্ষ্য আৰু তেওঁলোকৰ ভাষাত ৰাজনীতিৰ অৰ্থ৷ ৰাজনীতি তেওঁলোকৰ দেহত, ৰাজনীতি তেওঁলোকৰ তেজত, ৰাজনীতি তেওঁলোকৰ নিচা৷ ৰাজনীতিৰ পৰা আতৰত থাকি তেওঁলোকে জীৱনৰ এটা পলো যেন অতিবাহিত কৰিব নোৱাৰে৷ তাৰমাজতে ইটো দলৰ লগত আনটো দলৰ বোকা চটিওৱাৰ খেল৷ প্ৰতিটো দলৰে এটাই ভাষ্য, দেশখনত যিমানবোৰ ভাল বা সফল কাম হৈছে সেই আটাইবোৰ অকল তেওঁলোকৰ দলটোৰ চৰকাৰ চলি থকাৰ সময়তহে হৈছে৷ আনহাতে, আটাইবোৰ বেয়া বা বিফল কাম আন দলসমূহৰ চৰকাৰৰ দিনতহে হোৱা৷ আজি 2020 চনত যিখন “ভাৰত” দেশ আমাৰ সন্মুখত আছে, সেয়া নিসন্দেহে সেই ৰাজনৈতিক দলবোৰৰ পৰিকল্পনা আৰু কৰ্মৰে ফল৷ পকীপথ, দলং, স্কুল, কলেজ, মেডিকেল, ষ্টেডিয়াম, ৰেলসেৱা, বিমানসেৱাকে আদি কৰি আজি আমি ভোগ কৰি থকা প্ৰযুক্তিবিদ্যাৰ আটাইবোৰ ফচল বিগত সময়ত যিকোনো এটা দলৰ চৰকাৰৰ দিনতে হোৱা৷ কিন্তু এই উপকৰণসমূহ দেশবাসীৰ অধিকাৰ আৰু কাম্য৷ ইয়াৰ কৃতিত্বৰ সিংহভাগ অকল দেশবাসীৰ৷ ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হৈ ৰাজপাট দখল কৰিলেও, ৰাইজৰ হকে কাম কৰিবলৈ প্ৰতিনিধিসকল সকলো সময়তে দায়বদ্ধ৷ এইখিনিতে আমাৰ সৰহসংখ্যক নেতাৰে মনোভাৱ ওলোটা৷ তেওঁলোকে মানি চলা দৰ্শন হ’ল যিয়ে লংকালৈ যায়, সিয়ে ৰাৱণ৷ ৰাইজৰ দ্বাৰা তেওঁলোক নচলে, তেওঁলোকেহে ৰাইজক চলাব৷ তেওঁলোকৰ ৰাজনীতিৰ মূল আহিলা হ’ল দেশৰ জনতাৰ নিৰক্ষৰতা আৰু দৰিদ্ৰতা৷ সেইবাবেই দেশৰ অৰ্ধশিক্ষিত বা অশিক্ষিত মানুহখিনিক, দৰিদ্ৰ শ্ৰমিক আৰু কৃষকখিনিক তেওঁলোকে শিক্ষিত আৰু ধনী হোৱাতো নিবিচাৰে৷ কাৰণ এই শ্ৰেণীটোৱেই হৈছে এতিয়াৰ ৰাজনীতিৰ মূল কেন্দ্ৰবিন্দু৷ এই শ্ৰেণীটো শিক্ষিত আৰু ধনী হ’লে তেওঁলোকৰ সান্দহ খোৱা বালি তল নপৰিব জানো ? নহ’লেনো যোৱা সাতটা দশকত ভাৰতৰ চৰকাৰৰ ওপৰত কৃষকসকল কিয় ভৰষা কৰিব পৰা নহ’ল ? কৃষকসকলে কৰা কৃষিকৰ্মৰ ফচলেই হৈছে আমাৰ দেশৰ অৰ্থনীতিৰ বুনিয়াদ৷ খেতিয়কসকলে হাড়ভঙা পৰিশ্ৰম কৰি উৎপাদন কৰা শস্যসমূহেই আমাৰ জীৱন ৰক্ষক, শৌৰ্য্য- বীৰ্য্যৰ আধাৰ, সভ্যতাৰ গৌৰৱ৷ কিন্তু, বিগত সাতটা দশকত আমাৰ দেশৰ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰোতে কৰোতে এবাৰলৈও কৃষক সকলৰ দুখ- দুৰ্গতি দূৰ কৰাৰ পথ উলিয়াবলৈ আহৰি নাপালে৷ আধুনিক আৰু কৃত্ৰিম জলসিঞ্চনটো বাদেই পৰ্যাপ্ত পৰিমাণে নদ- নদীৰে ভৰা দেশখনত খেতিপথাৰ সমূহলৈ পৰম্পৰাগত পদ্ধতিৰ জলসিঞ্চনৰ ব্যৱস্থাও নিশ্চিত কৰিব নোৱাৰিলে৷ যাৰ ফলত খৰাঙৰ সময়ত পানীৰ অভাৱত আৰু পৰিকল্পিত নদী সংযোগ আৰু জলসিঞ্চনৰ অভাৱৰ বাবে বাৰিষা বানপানীৰ বাবে কৃষি নষ্ট হৈ থাকিল৷ কৃষিকাৰ্যত খটুওৱা মূলধনৰ বিপৰ্যয়ত তিস্থিব নোৱাৰি কিমান কৃষকে যে এইখন দেশত প্ৰাণত্যাগ কৰিলে তাৰ লেখ – জোখ হয়তো কাৰো হাততে নাই৷ তথাপি কিন্তু আমাৰ দেশৰ কৃষকসকলে খেতি কৰিবলৈ এলাহ প্ৰকাশ কৰা নাই৷ প্ৰতিটো ঋতুতে প্ৰকৃতিয়ে নৰূপ লোৱাদি প্ৰতিজন কৃষকে নউদ্যমেৰে কৰি গ’ল কৃষিকৰ্ম৷ কৃষকসকলে কেতিয়াও হাৰ মনা নাই৷ ইমানবোৰ দেখি শুনিও আমাৰ চৰকাৰবোৰে নীৰৱ দৰ্শকৰহে ভূমিকা পালন কৰি গ’ল৷ খেতিপথাৰত উৎপাদিত শস্যসমূহ বেচিবলৈ কৃষকে এতিয়াও পোৱা নাই একোখন উপযুক্ত বজাৰ৷ শস্য – পাচলিবোৰ দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব পৰাকৈ স্থাপন নহ’ল পৰ্যাপ্ত পৰিমাণৰ সংৰক্ষণ ব্যৱস্থা৷ কৃষকসকলক ব্যৱহাৰিক আৰু বিজ্ঞানসন্মত শিক্ষা দিবলৈ আজি পৰ্যন্ত লোৱা নহ’ল কোনো দক্ষতা বিকাশৰ লেখতলবলগীয়া পদক্ষেপ৷ এইবোৰ কাৰণতো কৃষকে প্ৰতিবাৰেই উৎপাদন কৰা ফচলৰ বিনিময়ত উপযুক্ত বিনিময় পোৱা নাই আৰু লোকচানৰ ভাৰ বব নোৱাৰি বিভিন্ন নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য আৰু উদ্যত হ’ল৷ এনেকুৱা কাৰণত আমাৰ সমাজত সংঘটিত হৈ থকা নানান অনৈতিক কাৰ্যৰ আৰৰ সঁচা কাহিনীবোৰ কেতিয়াও উদ্ঘাটন কৰিবলৈ চেষ্টা কৰা নহ’ল৷ দোষীক শাস্তি দিয়া হ’ল, কিন্তু দোষৰ প্ৰাথমিক কাৰণটো কাৰণ হৈয়ে থাকিল৷ দেশৰ অন্য প্ৰান্তৰ কথা নকলোৱেই যেনিবা, আমাৰ অসমখনৰে খেতিয়কৰ অৱস্থা গত তলাবন্ধৰ সময়চোৱাত কি হ’ল আমি সকলোৱে দেখিবলৈ পালোঁ৷ সাম্প্ৰতিক কালৰ এবিধ অতি মূল্যবান ফল ষ্ট্ৰ’বেৰী বিঘা বিঘা হিচাপত ফচল নষ্ট হৈ গ’ল বা পানীৰ দৰত বেচিবলগীয়া হ’ল উপযুক্ত বজাৰ আৰু সংৰক্ষণ ব্যৱস্থাৰ অভাৱৰ বাবে৷ বন্ধাকবি, ফুলকবি, বিলাহী, জলকীয়া, বীন গছতে নষ্ট হৈ গ’ল৷ এক পৰিকল্পিত বজাৰ ব্যৱস্থা য’ত কৃষকৰ পৰা কিনি আনি উপভোক্তাৰ মাজলৈ যোগান ধৰাৰ পদ্ধতিগত গাঁথনি থাকে, তেনেকুৱা ব্যৱস্থা যদি আমাৰ ইয়াত থাকিলহেঁতেন, গেলামালৰ ক্ষেত্ৰত হোৱাৰ দৰে পাচলিৰ ক্ষেত্ৰতো নিশ্চিতভাৱে তলাবন্ধৰ নিয়মো ভংগ নহ’লহেঁতেন, সামাজিক দূৰত্ব বজাই ৰাখিবলৈয়ো প্ৰশাসনৰ সহজ হ’ল হেঁতেন৷ কৃষকসকলেও উপযুক্ত বিনিময় লাভ কৰি আৰ্থিক দিশত নিৰাপদে থাকিলহেঁতেন৷ ফাগুন- চ’ত মাহৰ শুকান বতৰকো নেওচি সময়তকৈ আগতেই জিকা, তিয়ঁহ, কেৰেলা, ভেণ্ডি, লেচেৰা, কোমোৰা আদি পাচলি উৎপাদন কৰাতো কিমান কষ্টকৰ, সেই কথা এজন খেতি কৰি নোপোৱা লোকে কেনেকৈ অনুধাৱন কৰিব পাৰিব ? ফলস্বৰূপে উপযুক্ত যোগান ব্যৱস্থাৰ অভাৱ আৰু মধ্যভোগীৰ হস্তক্ষেপত পাচলিবজাৰৰ বৃহত্তম উপভোক্তা নগৰবাসীয়ে পাচলিৰ নামত মাত্ৰাধিক ধন ভৰিবলগীয়া হৈছে, অথচ কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ মূল্য পাইছে নগণ্য৷ এইবোৰ কাৰণতে নৱপ্ৰজন্মৰ গৰিষ্ঠসংখ্যক শিক্ষিতই কৃষিকৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে৷ ভাৰত চৰকাৰৰ দ্বাৰা সদ্যঘোষিত ব্যয়বহুল আচনি “স্বনিৰ্ভৰ ভাৰত অভিযান”ৰ খবৰে কিন্তু তেনেকুৱা একাংশ হতাশাগ্ৰস্ত যুৱকৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিছে৷ আচনিখনৰ ৰূপায়ণ কিমান দূৰ ফলপ্ৰসূ হ’ব সেই কথাটো এতিয়াই ক’ব পৰা হোৱা নাই যদিও সকলোৱে কিন্তু বিচাৰিছে কৃষকসকলৰ বাবে চৰকাৰে এক পৰিকল্পিত দীৰ্ঘম্যাদী আচনি হাতত লওক আৰু দেশৰ কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিয়ক৷ এই কথা নিশ্চিত যে যদিহে চৰকাৰে এনেকুৱা এক আচনি হাতত লয়, তেতিয়া অৰ্থনীতিৰ মন্দাবস্থা, নিবনুৱা সমস্যাৰ সিংহভাগেই লাঘৱ হ’ব৷ কাৰণ আমাৰ দেশৰ ভৌগোলিক পৰিৱেশত অৰ্থনীতিৰ সবল ভেটি কৃষিখণ্ডতহে প্ৰত্যক্ষভাৱে নিৰ্ভৰ কৰে৷ এই কথাক গুৰুত্ব নিদিলে স্বনিৰ্ভৰ অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰাৰ সপোন “স্বনিৰ্ভৰ ভাৰত অভিযানে” সাকাৰ ৰূপযে  নাপাব সেয়া ধুৰূপ ৷

  লেখকৰ ফোন নং- 9864939209