Breaking

কাইলৈ পাণ্ডু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী…

0 98

গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱ অহা ২৫ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হব । হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড : বিভাস চন্দ্ৰ দাস পুৰকায়স্থ আৰু সাধাৰণ সম্পাদক ডঃ যোগেশ কাকতিয়ে এটা বিবৃতি যোগে জানিবলৈ দিয়া মতে সিদিনা পুৱা ৯ বজাৰ পৰা বন্তি প্ৰজ্বলন, মহাবিদ্যালয়ৰ পতাকা উত্তোলন, হীৰক জয়ন্তীৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰা হব ।

১০ বজাৰ পৰা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক – শিক্ষয়ত্রী, অনা শিক্ষক- কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হব । ১১ বজাৰ পৰা ন – পুৰণি ছাত্ৰ – ছাত্ৰীৰ মিলন সমাৰোহ অনুষ্ঠিত হব । বিয়লি ২.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড : হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব । তাৰ পাছত হীৰক জয়ন্তী স্মাৰক বক্তৃতা অনুষ্ঠিত হব । সন্ধিয়া হীৰক জয়ন্তীৰ বন্তি প্ৰজ্বললৰ পাছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। আনহাতে উদযাপন সমিতিয়ে সিদিনাৰ হীৰক জয়ন্তী উৎসৱৰ সমুহ কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰিবলৈ সকলো প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ – ছাত্ৰী , শিক্ষক – শিক্ষয়িত্ৰী , কৰ্মচাৰীক অনুৰোধ জনাইছে।

Leave A Reply