Breaking

নৱম বৰ্ষ অতিক্ৰম কৰি দশম বৰ্ষত ভৰি দিলে ৰাজধানীত অৱস্থিত দিছপুৰ প্ৰেছ ক্লাবে

0 10

অসমৰ ৰাজধানীত অৱস্থিত দিছপুৰ প্ৰেছ ক্লাবে ২৯ মাৰ্চ ২০২৪ তাৰিখে নৱম বৰ্ষ অতিক্ৰম কৰি দশম বৰ্ষত ভৰি দিলে। প্ৰেছ ক্লাবৰ এই নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতো দিছপুৰ লাষ্ট গেট স্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়৷


উক্ত অনুষ্ঠানতে সাহিত্য -সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫০ জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

অনুষ্ঠানটিত দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াক জনোৱা হয় সম্বৰ্ধনা। উক্ত অনুষ্ঠানটিতে DB NEWSৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতাকো জনোৱা হয় সম্বৰ্ধনা।

Leave A Reply