গৌৰীপুৰৰ মধুশৌলমাৰীত সখী একক অৱস্থান কেন্দ্ৰৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত‌ই।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৌলমাৰীত জিলা সমাজ কল্যাণ বিভাগে নিৰ্মাণ কৰা সখী’একক অৱস্থান কেন্দ্ৰৰ আজি শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত আন্বামুথন এমপিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক নিজানুৰ ৰহমান, ধুবুৰী পৌৰসভাৰ চেয়াৰমেন দেৱময় সান্ন্যান,ধুবুৰী জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱা প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকল।

উল্লেখ্য যে,জিলাখনত ভিন্ন অঞ্চলত হিংসাত্মক ঘটনাৰ বলি হোৱা মহিলাক তৎকালীন ভাবে এক বিশেষ ফোন নম্বৰৰ জড়িয়তে থানা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ সতে যোগাযোগ স্থাপন কৰা, আৰু কাৰণত নিৰাপত্তাহীনতাত ভোগা মহিলা আৰু শিশু সকলৰ বাবে এই সখী কেন্দ্ৰটো স্থাপন কৰা হয়।

নিৰাপত্তা হীনতাত ভোগা মহিলা সকলৰ বাবে বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা প্ৰদান কৰিব সমাজ কল্যাণ বিভাগে।লগতে গৌৰীপুৰ আৰক্ষীক পুৱা আৰু সন্ধিয়া এই কেন্দ্ৰটোৰ খা খবৰ ৰাখিবলৈ জিলা উপায়াক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।

গৌৰীপুৰৰ পৰা জামানুৰ ৰহমান

Related Articles