সোমবাৰে আবেলি মুম্বাইত এক প্ৰচণ্ড ধুলিৰ ধুমুহাই সংহাৰৰ সৃষ্টি কৰে। বহুদিন ধৰি মহানগৰ খনত হোৱা নাছিল বৰষুণ। ইয়াৰ মাজতে অহা ধূলিৰ ধুমুহাই মানুহক বিৰক্ত কৰি তোলে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ভৱিষ্যতবাণী কৰা অনুসৰি মুম্বাইৰ কেইবাটাও অঞ্চলৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে । আইএমডিয়ে ধাৰাসাৰ বৰষুণ, বজ্ৰপাত, ধুমুহাৰ ভৱিষ্যতবাণী কৰিছে, বিশেষকৈ থানে আৰু ৰায়গড় জিলাত ধুমুহাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে সোমবাৰে সন্ধিয়াৰে পৰা পশ্চিম উপনগৰৰ বৰিভালি, কান্দিভালী, মালাদ আৰু গোৰেগাঁওত ধাৰাসাৰ বৰষুণ হৈছে আৰু গৰমৰ পৰা মানুহে কিছু সকাহ পাইছে। আজি হোৱা ধুমুহা-বৰষুণৰ পূৰ্বে মুম্বাইত ৩৩ ৰ পৰা ৩৪ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত তাপমাত্ৰা আছিল।

ইফালে, সোমবাৰে মুম্বাইৰ ৱাডালা অঞ্চলত ধুমুহা বতাহৰ মাজতে এটা নিৰ্মাণাধীন ধাতুৰ পাৰ্কিং টাৱাৰ ৰাস্তাত খহি পৰে প্ৰাথমিক তথ্য অনুসৰি এই ঘটনাত দুখন বাহন ক্ষতিগ্ৰস্ত হৈছে, কিন্তু কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। ঘটনাটো ব্যস্ত ৱাডালা-এণ্টপ হিল ৰোডৰ বৰকত আলী নাকাত সংঘটিত হৈছে। ঘটনাস্থলীত দুটা অগ্নি নিৰ্বাপক বাহিনী আৰু এখন উদ্ধাৰকাৰী ভান ততাতৈয়াকৈ গৈ উপস্থিত হয়। সোমবাৰে মুম্বাইৰ উপনগৰীয় ঘাটকোপাৰ অঞ্চলত বৰষুণ আৰু ধুমুহা-বতাহৰ মাজত এটা পেট্ৰ’ল পাম্পত এখন বৃহৎ লোৰ হৰ্ডিং খহি পৰাৰ ফলত কমেও ১৪ জনকৈ লোক, ৭০ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷ বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ (এম চি জি এম)ৰ এজন বিষয়াই কয় যে ঘটনাটো বিয়লি প্ৰায় ৪.৩০ বজাত ছেদা নগৰ জিমখানাৰ ওচৰত সংঘটিত হৈছিল৷ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে বিষয়াজনে৷