Breaking

ইটাখোলাত চাহৰ দোকানেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে শিক্ষিত নিবনুৱাই

0 66

যি সময়ত কৰ্ম সংস্থাপনৰ তাগিতাত এইখন অসমৰে শিক্ষিত নিবনুৱাই দৈনিক বহিঃৰাজ্যলৈ বুলি ধাপলি মেলিছে এনে সময়তে বিশ্বনাথৰ ইটাখোলা অঞ্চলৰ এগৰাকী উচ্চ শিক্ষিত নিবনুৱা যুৱকে চাহৰ দোকান কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।

বি.কম ডিগ্ৰীধাৰী হৈও দৈনিক চাহৰ দোকানত গিলাছ ধুইছে যুৱ ব্যৱসায়ী সঞ্জীৱ শৰ্মাই। কৰ্মই আমাৰ ধৰ্ম এই মূলমন্ত্ৰক সৰোগত কৰি ইটাখোলা ব্যৱসায়ী কেন্দ্ৰস্থলত এখন সৰু চাহৰ দোকান দি পৰিয়াল পোহ-পাল দিয়াৰ সপোন ৰচিছে শিক্ষিত যুৱক সঞ্জীৱে।

উল্লেখ্য যে বিগত কুৰি বছৰৰো অধিক কাল সঞ্জীৱৰ মাতৃ ফুল কুমাৰী শৰ্মাই “ডাঙৰ মাইনা” নামৰ চাহৰ দোকানখন ইটাখোলা ব্যৱসায় কেন্দ্ৰস্থলৰ পথৰ কাষত চলাই থকাৰ পাচত তিনি বছৰ পূৰ্বে দোকানখন চমজি লৈ উক্ত পথৰ নাতি দূৰত্বত এটি সৰু কোঠালৈ স্থানান্তৰ কৰি সঞ্জয় শৰ্মাই চলাই আহিছে চাহ-মিঠাই, লাড়ু, ৰুটি, পৰঠাৰ ব্যৱসায়।এগৰাকী ডিগ্ৰীধাৰী শিক্ষিত নিবনুৱা যুৱক হৈও চৰকাৰী চাকৰিৰ আশা নকৰাৰ লগতে বহিঃৰাজ্যলৈ গৈ কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ চাকৰিত নিয়োজিত হৈ বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকি নিজৰ পিতৃ-মাতৃৰ লগত থাকি বৰ্তমান এই চাহৰ দোকানখনৰ জৰিয়তে স্বাৱলম্বী হৈ নিজৰ লগতে আন নিবনুৱা যুৱকৰো আদৰ্শ হৈ পৰিছে।

যুৱ ব্যৱসায়ী সঞ্জীৱ শৰ্মাই কামৰ কোনো সৰু বৰ নাই বুলি মানি লোৱা তথা কৰ্মই আমাৰ ধৰ্ম এই মতাদৰ্শ লৈয়ে লাজ-মান কিম্বা অহংকাৰ নকৰি চাহৰ দোকানখনতে পুৱা আঠ বজাৰ পৰা নিশা ন বজালৈকে দোকান চলাই এক প্ৰকাৰৰ ৰাইজৰ সেৱা কৰি আহিছে। ইয়াৰ উপৰি যুৱ ব্যৱসায়ী গৰাকীয়ে দৈনিক উপাৰ্জন কৰিছে ৭ ৰ পৰা ৮ হাজাৰ টকা পৰ্যন্ত।

বৃহত্তৰ ইটাখোলাৰ ব্যৱসায়ী কেন্দ্ৰস্থলত সাধাৰণকৈ দিয়া এখন চাহৰ দোকানখনৰ সকলো কাম নিজেই কৰি গ্ৰাহক ৰাইজৰ আদৰ-মৰম আদায় কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ শৰ্মাই। স্থানীয় ৰাইজেও এনে এগৰাকী শিক্ষিত যুৱকৰ কৰ্ম ক্ষেত্ৰৰ বাবে যুৱক গৰাকীক প্ৰসংশা কৰাৰ লগতে যুৱ সমাজক এই নিদৰ্শন গ্ৰহণৰ আহ্বান জনাইছে।

Leave A Reply