Breaking

“দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…

0 21

পশ্চিম দৰং তথা ছিপাঝাৰ সমষ্টিৰ কটাহীত এখন বাঁহৰ দলং প্ৰায় দুই বছৰৰো অধিক দিন মেৰামতি নকৰা বাতৰি ‘দৈনন্দিন বাৰ্তা’ত যোৱা এপ্ৰিলত ফটোসহ প্ৰকাশ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে ১০ দিনতে নিৰ্মাণ কৰি দিলে কালভাৰ্ট সহ পথ। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে এখন বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত কৰিব লগাত ক্ষোভিত হৈ পৰিছিল। শাসনাধিষ্ঠিত জনপ্ৰতিনিধিৰ বিৰুদ্ধে কিছুদিন পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিছিল অঞ্চলটোৰ পুৰুষ- মহিলাই ৷

২০২২ বৰ্ষৰ জুন মাহত হোৱা প্ৰলয়ংকৰী বানে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ সৰাবাৰী, গংগাপুখুৰী, বুঢ়াখাট, কটাহী গাওঁত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা পথ আৰু দলং প্ৰায় দুই বছৰে বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাত এখন ভঙা বাহৰ দলঙেৰে অঞ্চলটোৰ ৰাইজে অব্যাহত ৰাখিছিল যাতায়ত ৷ বিগত দুই বছৰ ধৰি কটাহীবাসী ৰাইজে জীয়াতু ভুগি স্থানীয় জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ কাকুটি মিনটি কৰিও মেৰামতি নকৰাত উপায়ন্তৰ হৈ ৰাইজে বাঁহেৰে দলং এখন নিৰ্মান কৰি যাতায়ত কৰে যদিও প্ৰতিবছৰে বানপানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন ৷

কন কন ছাত্ৰছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখিন হোৱাৰ উপৰিও অঞ্চলটিলৈ যাব পৰা নাছিল জৰুৰীকালীন সেৱাৰ বাহন। এই সমস্ত বাতৰি ‘দৈনন্দিন বাৰ্তা’ত প্ৰকাশ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে বাঁহৰ দলঙৰ ঠাইত কালভাৰ্ট সহ পথ নিৰ্মাণ কৰি যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ সুচল হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ।

Leave A Reply