Breaking

মহানগৰীত নিশা খাদ্য বিচাৰি অহা হাতী পোৱালিৰ ভৰি আৰু শুৰত জুই লগাই নিৰ্মম অত্যাচাৰ…

0 58

মহানগৰীত নিশা খাদ্য বিচাৰি অহা হাতী পোৱালিৰ ভৰি আৰু শুৰত জুই লগাই নিৰ্মম অত্যাচাৰ । হাতী পোৱালিটোৰ ভৰিত এতিয়াও সেই ক্ষত স্থান বিদ্যমান। বন বিভাগৰ প্ৰদক্ষেপ গ্ৰহণ । সচেতন মহলৰ তীব্ৰ গৰিহণা। এজনক জেললৈ প্ৰেৰণ, আনজন বিহাৰলৈ পলায়ন। আজি অকলে নহয়, দুটা হাতী একেলগে আহিছিল। এটা ডাঙৰ, দতাল আৰু আনটো সৰু মখনা পোৱালি।বয়সৰ জোখাৰে খুব বেছি দুবছৰ মান হব। নাৰেঙ্গী সেনা ছাউনীৰ প্ৰবেশদ্বাৰ পাৰ হৈ সাতগাঁও বজাৰ অভিমুখে আহিছিল হাতী দুটা । যেন মাক আৰু পুতেক। এই অঞ্চললৈ বনৰীয়া হাতী অহাতো কোনো নতুন কথা নহয়। আজি হাতীদুটা আহিছিল মানুহৰ ওপৰত থকা প্ৰচণ্ড ঘৃণা লৈ। অৱশ্যে এই ঘৃণা সকলো মানুহৰ ওপৰত লৈ যে এনে নহয়। হাতীকেইটা আগতেও আহে। কিন্তু আজি কেইদিনমানৰ পৰা হাতী কেইটা আহিছে অলপ বেলেগ মনেৰে। বিশেষকৈ কেইজনমান মানুহৰ প্ৰতি থকা ঘৃণা আৰু প্ৰতিশোধ পূৰণৰ বাবেই আজি কেইদিনমান ধৰি হাতী কেইটা আহিছে অলপ পৃথক মনোবৃত্তিৰে। সিদিনা বন্ধু এজনে কৈছিল- আজি হাতীটোক খুব বেগাই অহা দেখিলোঁ। আগতে কিন্তু ইয়াৰ এনে ৰূপ নেদেখোঁ। মইও আজি বহু বছৰৰ পৰা এই হাতী কেইটা পৰ্যবেক্ষণ কৰি আহিছোঁ।

প্ৰায় দেখি আহিছোঁ, আহে এক গহীন গম্ভীৰ খোজেৰে। কিন্তু আজিৰ খোজ কিছু বেলেগ। খুব খৰতকীয়া খোজ। কিবা এটা কৰি যাব লাগে। সেয়েহে নিৰ্বিগ্নে, নিৰ্ভয়ে। আজিকালি সাধাৰণতে বন বিভাগৰ লোকে হাতীকেইটাক সেনা ছাউনীৰ বাহিৰলৈ আহিব নিদিয়ে। আহিলেও ফটকা, বোমা ফুটাই ভয় দেখুৱাই পঠিয়াই দিয়ে। কিন্তু তাৰ মাজতো আজি পোৱালি হাতীটোৱে মাকক লগত লৈ আহিছিল। কাৰণ আজি কিছুদিন পূৰ্বে এই অকণমানি হাতী পোৱালিটোক মানুহ ৰূপী কেইজনমান দানবে অত্যাচাৰ কৰিছিল। নিশাৰ ভাগত এই স্থানলৈ খাদ্য বিচাৰি অহা হাতীপোৱালীটোৰ ভৰি আৰু শুৰদালত হেনো জুইৰ শিখা লগাই দিছিল। পুৰি গৈছিল ভৰি আৰু শুৰ। হাতী পোৱালিটোৰ ভৰিত এতিয়াও সেই ক্ষত স্থান বিদ্যমান। বৰ কষ্ট পাইছিল হেনো হাতী পোৱালীটোৱে। মানুহৰ অত্যাচাৰৰ কথা হাতী পোৱালিটোৱে মাকক লগাইছিলগৈ। মাকজনীৰ মানুহবোৰৰ ওপৰৰ প্ৰচণ্ড খং আৰু ক্ষোভ হৈছিল। আজি সেয়েহে সেই মানুহকেইটাক বিচাৰি মাকজনী আহিছিল। লগত পোনাকনক লৈ আহিছিল। আহোঁতে পোনাকনে মাকক ধৰাধৰিকৈ আহিছিল। পোনাকনৰ ভিতৰি ভয় সোমাইছিল। কিজানি মানুহৰূপী দানৱ কেইটাই আজি আকৌ তাক বা মাকক কিবা অপকাৰ, অত্যাচাৰ কৰে। এচাম মানুহৰ প্ৰতি প্ৰচণ্ড ক্ষোভ আৰু ঘৃণা লগত লৈ অহা মাকেও পোনাকনক সযতনে, আথে বেথে লগত ৰাখিছিল। মাকে ইচ্ছা কৰিলে মানুহৰ ওপৰত প্ৰতিশোধ লব পাৰিলেহেঁতেন। কিন্তু ওৰহৰ খং ভঙা ঢাৰীত জাৰি লাভ নাই। মাকেও জানে যে সকলো মানুহে এই কাম নকৰে বা কৰা নাই। কাৰণ মাকে এইখিনি মানুহৰ পৰাই মাজে সময়ে বহু মৰম পাই আহিছে। বহু সময়ত এই খিনি মানুহে ফল মূল, কল কুঁহিয়াৰ বা অন্যান্য ব্ৰেড, বিস্কুট আৰু মিঠাই খাবলৈ পায়। অৱশ্যে বহু সময়ত আন এক শ্ৰেণী মানুহৰ পৰা ককৰ্থনা নুখুৱাও নহয়। কিন্তু আজি তাইৰ সৈতে পোনাকন আহিছে, মাকক সেই ঠাইডোখৰ , সেই পাচলি দোকান দুখন দেখুৱাই দিবলৈ । যি দুখন পাচলি দোকানৰ দোকানীয়ে তাক জুইৰ জোলুঙাৰে খুচি দিছিল, গাত জুই লগাই দিছিল। কিন্তু আজি সেই দোকান আৰু দোকানী নাই। ইতিমধ্যে বন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমে যুটীয়াভাবে আইনী প্ৰক্ৰিয়াৰে দোকান দুখন বন্ধ কৰি দিছে । লগতে বন বিভাগে বন্য হস্তীক অত্যাচাৰ কৰা কাৰ্য্যৰ বাবে শম্ভো নামৰ দুকানী জনৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰু আনজন বেপাৰী পলাতক অৱস্থাত থকাৰ লগতে জন্ম স্থান বিহাৰলৈ পলাই গৈছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ।সচেতন মহলে বন্যহস্তীক নিৰ্মম অত্যাচাৰৰ এই ঘটনাক ধিক্কাৰ প্ৰদান কৰিছে।

ঘটনাটো ঘটা আজি এসপ্তাহৰ অধিক হল যদিও সংবাদ মাধ্যমেও এই বিষয়ে এতিয়ালৈ কোনো বাতৰি পৰিবেশন কৰা দৃষ্টিগোচৰ হোৱা নাই।অৱশ্যে এই অঞ্চলৰ হাতী মানুহৰ সংঘাটৰ বিষয়ে এই প্ৰতিবেদকে বহুবাৰ এনে বহু কথা উল্লেখ কৰি আহিছে । হাতী মানুহৰ এনে সম্ভাব্য সংঘাটৰ বিষয়ে আজি কিছুদিন পূৰ্বে মোৰ এই প্ৰতিবেদকে নিজা ফেচবুক পেজত এটা ভিদিঅ আৰু কিছু বক্তব্য ৰাখিছিল। উক্ত ভিদিঅ টোত এজাক লোকে যাঠি, জেঙ তথা জুইৰ শিখা লৈ কিদৰে এটা হাতীক খেদি পঠিওৱাৰ লগতে সন্মুখ সমৰত অবতীৰ্ণ হৈছিল আৰু তাৰ ফলত হাতীটোৰ কেনে প্ৰতিক্ৰিয়া হৈছিল, এই কথা উল্লেখ কৰিছিলোঁ।পৰবৰ্তী পৰ্যায়ত এই বাৰ্তাই সেই খিনি মানুহৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল আৰু পৰবৰ্তী পৰ্যায়ত সেই কাৰ্যৰ পৰা বিৰত আছিল। আজিৰ এই দৃশ্যই অতি শীঘ্ৰেই এই অঞ্চলত হাতী মানুহৰ মাজত এক অনাকাংখিত ঘটনা হোৱাৰ সংকেত প্ৰদান কৰিছে বুলি কব পৰা যায়।।

Leave A Reply