Breaking

মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…

0 14

মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি। এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট। মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত ৮ জনৰ তিনিজনক GMCHলৈ প্ৰেৰণ। মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি। এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে মুঠ ৮ গৰাকী লোক আহত হয়। ৩ নং কান্ধবাৰীৰ হানিফ আলী আৰু লালমামুদ আলী নামৰ দুই ভাতৃৰ মাজত পূৰ্বৰে পৰা ভূমি বিবাদ চলি আছিল। আজি এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে ৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

আহত সকলৰ নাম ক্ৰমে লালমামুদ আলী, হাইদ আলী, জেহেৰুল আলী, হানিফ আলী, ভইলা খাতুন, বাহৰুল ইছলাম, মৰণ আলী আৰু কৰম আলী। আহত আটাইকেইজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও তিনিজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নিৰাপত্তাৰক্ষী মোটায়ন কৰে।

Leave A Reply