সমগ্ৰ নগাঁও চহৰখনকে নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস চলোৱা হৈছে: ৰূপক শৰ্মা

বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নগাঁও জিলা বাসীৰ বাবে বহুখিনি আশাৰ বতৰা কঢ়িয়াই আনিছে। সম্পূৰ্ণ আধুনিক ৰূপত সজাই পৰাই তোলা হ’ব নগাঁও চহৰখনক। উৰিয়া গাঁৱৰ পৰা ডিমৌ, আনফালে বৰঘাটৰ পৰা কাছমাৰী লৈকে নগাঁও চহৰৰ সম্প্ৰসাৰণ কৰাৰ লগতে নতুন নগাঁৱৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে।

এই কথা ঘোষণা কৰিছে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। আজি নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত উত্তৰ পূব ভাৰতৰ অন্যতম আগশাৰীৰ মানৱ সেৱাৰ স্বেচ্ছাসেৱী সংগঠন শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয় চৌহদত স্থাপন কৰা আৰু ছয় আলিস্থিত কমলা নেহৰু চৌহদত স্থাপন কৰা বানিজ্যিক প্ৰতিস্থানৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই নিজৰ বক্তব্য দাঙি ধৰি আৰু কয়- নগাঁও চহৰৰ দুখনকৈ কাৰাগাৰ চহৰৰ বাহিৰৰ অন্ত স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি থকা হৈছে।

চহৰখনত এটা আধুনিক হেলিপেড নিৰ্মাণ কৰি ৰাজ্য খনৰ বিভিন্ন ঠাইলৈ হেলিকপ্টাৰ সেৱা মুকলি কৰা হ’ব। শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসে সঞ্চালনা কৰা সভাখনত বিধায়ক ৰূপক শৰ্মাই আৰু কয়- ইতিমধ্যে নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নদী পুনৰ বোৱতী কৰি তোলাৰ বাবে কাম চলি আছে আৰু নগাঁও চহৰৰ কলংখনৰ পাৰ বোৰ সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে বেবেজীয়াৰ পৰা নগাঁও চহৰৰ মাজেৰে এখন সুদীৰ্ঘ উৰণীয়া সেঁতু নিৰ্মাণ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলোৱা হৈছে।

য’ত উঠি পৰ্যটক সকলে ইয়াৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিব পাৰিব।  তেওঁ আৰু কয়- ইতিমধ্যে শ্ৰীমন্ত শংকৰ মিশ্যনে পানীগাঁও ছয়আলিত দিয়া ২০ বিঘা মাটিত ৰাজ্য চৰকাৰে সুধাকণ্ঠ ড: ভুপেন হাজৰিকাৰ স্মৃতিত ভুপেন হাজৰিকা কলাতীৰ্থ নামাকৰনেৰে এটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে।

চলিত বৰ্ষৰ শেষৰ ফালে এই কলাতীৰ্থ নিৰ্মাণ সম্পূৰ্ণ হ’ব আৰু এই প্ৰকল্প ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰাৰ পাছত ইয়াৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰ মিশ্যনেই গ্ৰহণ কৰিব লাগিব বুলি বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে, বটদ্ৰৱাতো অহৰ্নিশে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য যুদ্ধকালীন ভাৱে চলি আছে বুলিও প্ৰকাশ কৰে।

ইয়াৰ পিছতেই বিধায়ক ৰূপক শৰ্মাই পানীগাঁও চাৰিআলিস্থিত মিশ্যনৰ মুখ্য কাৰ্যালয় চৌহদত স্থাপন কৰা বানিজ্যিক ভৱনৰ দ্বাৰ মুকলি কৰাৰ অন্তত ছয়আলি ২০ খন বানিজ্যিক প্ৰতিস্থানৰ দ্বাৰ মুকলি কৰাৰ লগতে নতুন বানিজ্যিক ভৱন আৰু বিবাহ ভৱনৰ আধাৰশিলা স্থাপন কৰে।

শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁতধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত উপায়ুক্ত চন্দ্ৰ মোহন কাকতি, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা , বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীকে প্ৰমূখ্য কৰি ১১ গৰাকী মহলা আয়ুক্ত, বহু সংখ্যক বিশিষ্ট ব্যক্তি, মিশ্যনৰ বিষয়ববীয়া, কৰ্মচাৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ স্বত্বাধিকাৰী সকল উপস্থিত থাকে।

Related Articles