Breaking

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খলিহামাৰী, মাজৰটোপ, বৰাখাটত অব্যাহত আছে বৰলুইতৰ খহনীয়াৰ তাণ্ডৱ

0 1,591

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খলিহামাৰী, মাজৰটোপ, বৰাখাটত অব্যাহত আছে বৰলুইতৰ খহনীয়াৰ তাণ্ডৱ৷ৰাজ্যখনত হোৱা মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ঠাইবিশেষে খহনীয়াই লৈছে কালৰূপ৷পিচে এই খহনীয়াৰ কবলৰ পৰা ৰেহাই পোৱা নাই গৰৈমাৰীৰ খলিহামীৰ নৈপৰীয়া ৰাইজেও৷উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ছয়গাঁও সমষ্টিৰ বিভিন্ন স্থানত বৰলুইত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে৷ শেহতীয়াকৈ এই খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খলিহামাৰীত৷

উল্লেখ্য যে, খলিহামাৰীৰ নৈপৰীয়া ৰাইজে খহনীয়া প্ৰতিৰোধৰ দাবীত শুকুৰবাৰে এলানি প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে৷ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৰূদ্ৰমূৰ্তি ধাৰণ কৰাত নিৰ্বাচিত জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি খলিহামাৰীৰ ৰাইজে উপায়ান্তৰ হৈ হাতে-কামে লাগি গছ কাটি নদীত পেলাই খহনীয়া প্ৰতিৰোধৰ ব্যৰ্থ চেষ্টা চলোৱা দেখা গৈছে৷অতিশীঘ্ৰে খলিহামাৰীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ নৈপৰীয়া ৰাইজে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ লগতে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ হস্তক্ষেপ দাবী কৰিছে৷

Leave A Reply