Breaking

জালুকবাৰীস্থ সৰগম সংগীত বিদ্যালয়ৰ ‘পথিকৃৎ'(সঁচা চেনেহৰ দলিচাৰে) শীৰ্ষক অনুষ্ঠানৰ সফল পৰিসমাপ্তি

0 30

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ সৰগম সংগীত বিদ্যালয়ে এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সংগীতপ্ৰেমীসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনে বিগত ২২ বছৰে জালুকবাৰী অঞ্চলত সংগীত শিক্ষাৰ এক সুন্দৰ পৰিৱেশ গঢ় দিয়াৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক আনুষ্ঠানিকভাৱে সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোকৰ জীৱন ভিত্তিত জীৱনালেখ্য প্ৰস্তুত কৰি পৰিৱেশন কৰি আহিছে।

বৰ্তমানলৈ বিশেষ খ্যাতিসম্পন্ন শিল্পী ক্ৰমে খগেন মহন্ত, ৰমেন বৰুৱা,যতীন গোস্বামী, ড° লক্ষহীৰা দাস, বীৰেন্দ্ৰ নাথ দত্ত, প্ৰভাত শৰ্মা, শৈলেন শইকীয়া, ঘনকান্ত বৰা বৰবায়ন আৰু অনুপম চৌধুৰীৰ জীৱন পৰিক্ৰমাৰ ওপৰত সংগীতালেখ্য পৰিৱেশন কৰাৰ লগতে তেওঁলোকৰ সৃষ্টিৰাজিৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ চেষ্টা কৰি আহিছে।

সৰগম পৰিয়ালে এক নতুন কাৰ্যসূচী হাতত লৈ জালুকবাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যিসকল সংগীত সাধনাত ব্ৰতী ৭০ বছৰৰ উৰ্দ্ধৰ লোক আছে, তেওঁলোকৰ সাধনাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ উদ্দেশ্য বিদ্যালয় পৰিয়ালে তেওঁলোকৰ ঘৰত গৈ অনুষ্ঠানভাগিৰ আয়োজন কৰি আহিছে। ২১ ফেব্ৰুৱাৰী, বুধবাৰে ‘পথিকৃৎ’ (সঁচা চেনেহৰ দলিচাৰে) শীৰ্ষক এটি অন্তৰংগ সন্ধিয়াৰ আয়োজন কৰে সুন্দৰবড়ী নিবাসী কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বিশিষ্ট সমাজকৰ্মী তথা সংস্কৃতিপ্ৰেমী ব্যক্তি অখিল কুমাৰ দাসৰ ঘৰত।

অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গুৰু সকলৰ উপৰিও অভিভাৱকসকলেও গীত-মাত পৰিৱেশন কৰে আৰু নিৰ্দিষ্ট ব্যক্তিগৰাকীৰ পৰাও গীত আৰু কথা উপভোগ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সৰগম সংগীত বিদ্যালয়ৰ সঞ্চালক নিৰেন চন্দ্ৰ বৈশ্যই অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে। দাসৰ জন্ম দিনৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানটিত পৰিয়ালৰ সহযোগত এটি কেক কটা হয়।

বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰী লগতে গুৰু আৰু অভিভাৱক কেইবাগৰাকীয়েও গীত, বাদ্য পৰিৱেশন কৰি এটি উপভোগ্য পৰিৱেশ সৃষ্টি কৰে। অখিল কুমাৰ দাস দেৱেও দুটি গীত পৰিৱেশন কৰাৰ লগতে তেওঁৰ সংগীত ক্ষেত্ৰৰ কিছু অভিজ্ঞতা প্ৰকাশ কৰি নিজে আনন্দিত হোৱাৰ লগতে উপস্থিত দৰ্শককো আপ্লুত কৰে।‌ বিৰাজ দাসে আঁত ধৰা অনুষ্ঠানটিত দাসৰ পৰিয়ালৰ তৰফৰ পৰাও পুত্ৰ বোৱাৰীয়ে গীত পৰিৱেশন কৰে। সৰগম সংগীত বিদ্যালয়ৰ তৰফৰ পৰা দাস দেৱক গামোচা,মানপত্ৰৰে সন্মান যঁচা হয়। এগৰাকী সংগীত সাধকক এনেকুৱা অনুষ্ঠানৰ জৰিয়তে উৎসাহিত কৰাত উপস্থিত সকলোৱে বিদ্যালয় খনৰ শলাগ লয়।


অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতা, ড° প্ৰাঞ্জল শইকীয়া, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড° শুভ্ৰজ্যোতি বৰদলৈ, প্ৰশান্ত কুমাৰ চৌধুৰী, সৰগমৰ গুৰু ডাঃ সুবীৰ ঘোষ, লক্ষেশ্বৰ নাথ, ৰুবুল কলিতাৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply