যোগীঘোপাত মন্দিৰৰ কাষত থকা সুৰা বিপণীৰ বিৰুদ্ধে জিলা উপায়ুক্তক অভিযোগ ৰাজহুৱা শুনানি গ্ৰহণ আবকাৰী বিভাগৰ…


বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ‘কলিতা এন্টাৰপ্ৰাইজ” সুৰাৰ বিপণীখনৰ বিৰুদ্ধে বঙাইগাঁও জিলা উপায়ুক্ত অভিযোগ দাখিল কৰাৰ পিছত বুধবাৰ দিনা আবকাৰী বিভাগে ৰাজহুৱা শুনানি গ্ৰহণ কৰে ।যোগীঘোপাৰ কাবাইটাৰী দুৰ্গা মন্দিৰত এই উপলক্ষে উক্ত দিনা দুপৰীয়া ১১ বজাত  এখন ৰাজহুৱা শুনানিৰ সভা অনুষ্ঠিত হয়। বঙাইগাঁও জিলাৰ আবকাৰী অধীক্ষকে ৰাজহুৱা শুনানিৰ স্বাক্ষ্য গ্ৰহণ কৰে । স্থানীয় ৰাইজৰ লগতে অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকি সুৰাৰ বিপণী খনৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰে ।

উল্লেখ্য যে, কাবাইটাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কলিতা এন্টাৰপ্ৰাইজ নামৰ সুৰাৰ বিপণীখন অবৈধভাৱে স্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰি কাবাইটাৰী দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন পক্ষই বঙাইগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে , টিকেন কলিতাই পূৰ্বতে ৰাজনৈতিক প্ৰভাৱ খটুৱাই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক অস্তিত্বৰ নস্যাৎ কৰি তেওঁ অবৈধভাৱে সুৰাৰ বিপণীখন স্থাপন কৰে । ১৯৯৮ চনত স্থাপন কৰা সুৰাৰ বিপণীখনৰ সন্দৰ্ভত স্থানীয় ব্যক্তি এজনে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনৰ উত্তৰ দি আবকাৰী বিভাগে সুৰাৰ বিপণীখনৰ পাঁচশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুষ্ঠান বিপণী স্থাপনৰ সময়ত নথকা বুলি জনায় ।

স্থানীয় ৰাইজে দাবী কৰা মতে, ১৯৯৮ চনত স্থাপন কৰা  সুৰাৰ বিপণীখনৰ কাষতে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় থকাৰ লগতে কাবাইটাৰী সৎ সঙ্গ মন্দিৰ ১৯৭১ চনত স্থাপন কৰে । আনহাতে সুৰা বিপণীখন স্থাপনৰ বহু পূৰ্বে কাবাইটাৰী দুৰ্গা মন্দিৰটো স্থাপন কৰা হৈছিল বুলি দাবী কৰে স্থানীয় ৰাইজে ।কেইবাটাও মন্দিৰ আৰু বিদ্যালয়ৰ কাষতে স্থাপন কৰা সুৰা বিপণীখনত বৰ্তমান সন্ধিয়া সময়ত বেয়া পৰিৱেশৰ সৃষ্টি হয় বুলি অভিযোগ উত্থাপন কৰে ৰাইজে । কাবাইটাৰী পৰা সুৰাৰ বিপণীখন স্থানান্তৰিত কৰাৰ বাবে বিভাগীয় উৰ্দ্ধতন কতৃপক্ষক দাবী জনায় স্থানীয় ৰাইজে ।অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সঁকিয়াই দিয়ে ৰাইজে । 

জাহিৰুল ইছলাৰ প্ৰতিবেদন

Related Articles