Breaking

অসম গ্ৰন্থমেলা, হাফলঙত লেখক-পাঠকৰ আশানুৰূপ সঁহাৰি; ‘শিশুৰ দিন’ৰ দ্বিতীয় দিনাও উছৱ মুখৰ পৰিৱেশ

0 36

অপৰূপ প্ৰকৃতিৰে শুশোভিত হাফলঙত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলালৈ লেখক-পাঠকৰ সঁহাৰিয়ে উৎসাহিত কৰিছে উদ্যোক্তাসকলক৷ ইপিনে দ্বিতীয় দিনাৰ বাবে আয়োজিত “শিশুৰ দিন”ত উছৱ মুখৰ হৈ পৰে গ্ৰন্থমেলা অনুষ্ঠিত কৰা ইয়াৰ সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰেক্ষাগৃহ প্ৰাংগণ ৷

বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি কুইজত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ সুচাৰুৰূপে কুইজ পৰিচালনা কৰে ৰোনিত দে’ই ৷ দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হয় কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ ইয়াৰ “ক” আৰু “খ” দুটা শাখাত মুঠতে ১০০ গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে ৷

কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ৰেণু গুপ্তা আৰু শিক্ষয়িত্ৰী শ্যামলী চক্ৰৱৰ্তীয়ে৷ বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাৰো “ক” আৰু “খ” শাখাত মুঠতে অৰ্ধশতাধিক প্ৰতিযোগীয়ে যোগদান কৰে ৷ ইয়াতো বিচাৰকৰূপে উপস্থিত থাকে ৰেণু গুপ্তা, ৰোনিত দে’ আৰু শ্যামলী চক্ৰৱৰ্তী ৷

প্ৰতিযোগিতাৰ ফলাফল সমূহ অহা ৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সামৰণি সভাত ঘোষণা কৰি বঁটা বিতৰণ কৰা হ’ব ৷ শুকুৰবাৰে বিশিষ্ট কবি-সমালোচক ড° প্ৰাণজিৎ বৰাৰ সঞ্চালনাত অসম গ্ৰন্থমেলা, হাফলঙত অনুষ্ঠিত হ’ব বহুভাষিক কবি সন্মিলন ৷

Leave A Reply