Breaking

পিতৃয়ে কৰে চাইকেল মেৰামতি, মাতৃৰ বহু বছৰ পূৰ্বে ঢুকালে, পুত্ৰই প্রথম বিভাগত উৰ্ত্তীণ হৈ গৌৰৱ কঢ়িয়াই আনিলে…

0 48

পিতৃয়ে কৰে চাইকেল মেৰামতি, মাতৃৰ বহু বছৰ আগতে ঢুকালে, পুত্ৰই প্রথম বিভাগত উৰ্ত্তীণ হৈ গৌৰৱ কঢ়িয়াই আনিলে। সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হল। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দক্ষিণ ৰজাগাধোৱা গাঁৱৰ আলাল উদ্দিনৰ পুত্র চাকিব আহমেদে হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উৰ্ত্তীণ হৈ পৰিয়ালৰ তথা নিজ গাঁৱৰ গৌৰৱ কঢ়িয়াই আনিছে। কিছু বিতং ভাবে, চাকিবৰ পিতৃয়ে ফুটপাতত চাইকেল মেৰামতি কৰি জীৱিকা অৰ্জন কৰি পৰিয়ালক পোহপাল দিয়ে।

চাকিবৰ মাতৃ বহু বছৰ আগতে ঢুকাইছে। চাকিবৰ মাতৃৰ মৃত্যুৰ পিছৰে পৰা বৰ্তমানলৈ তেওঁৰ মোমায়েকৰ ঘৰ হাতীলৰুৱা মথাউৰিত থাকে। তাত মোমায়েকৰ দোকানত সহায় কৰে। লিখা পড়া সম্পন্ন কৰিলে তিনিচুকীয়া চৰকাৰী মাধ্যমিক বিদ্যালয়ত। বিনা টিউচনত চৰকাৰী স্কুলত পড়ি প্ৰথম বিভাগত উৰ্ত্তীণ হৈ প্ৰমাণ কৰি দিলে মনত প্ৰৱল ইচ্ছা থাকিলে দৰিদ্ৰতা কেতিয়াও সফলতাত বাধাৰ সৃষ্টি নহয়। কষ্ট হলেও সুফল পোৱা যায় নিশ্চয়।


মৰিগাঁৱৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply