Breaking

আঘোণৰ পূৰ্ণিমা তিথিত বিভিন্ন ঠাইত পালন কৰা হয় মহোহৌ উৎসৱ

0 2,412

আঘোণৰ পুণি আহি গল

মহ খেদাৰ হুকুম হল।

হ ৰে মহৌহও কণা কুজা একফাল হো ছিপাঝাৰত গৃহস্থক আৰ্শীবাদ দি চোতালে চোতালে মহৌখুন্দা দল এইদৰে।আঘোণৰ পূৰ্ণিমা তিথিত নামনি অসমৰ বিভিন্ন ঠাইত পালন কৰা হয় মহৌখুন্দা বা মহোহৌ উৎসৱ।গাৱৰ ডেকাসকলে হাতে হাতে টোকান লৈ এবিধ বিশেষ গীত গাই পালন কৰে এই উৎসৱ। ছিপাঝাৰতো গৃহস্থৰ ঘৰে ঘৰে গৈ মহৌখুন্দা দল সমুহে পৰম্পৰা পালন কৰি গৃহস্থক দিছে আৰ্শীবাদ।উল্লেখযোগ্য মহৌখুন্দা কৃষ্টিৰ লগত ভালূক নাচ বিশেষ ভাবে জড়িত হৈ আছে।যাৰ বাবে এই কৃষ্টি বিধ যথেষ্ট আকৰ্ষণীয় হয়।আঘোণৰ পকা ধান খাবলৈ অহা বনৰীয়া মহক খেদিবলৈ এনেদৰে হাতত টোকান লৈ গীত গাই গাই ওলাই যোৱাৰ পৰাই এই পৰম্পৰা চলি আহিছে বুলি প্ৰবাদ আছে ।। এই পৰম্পৰা যাতে লুপ্ত প্ৰায় হৈ নাযায়, পকাদলিৰ এই সকল যুৱকে দৰঙৰ এই কৃষ্টিটো জীয়াই ৰখাৰ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিয়ে।

Leave A Reply