Breaking

ৰঙিয়াত ঘৰুৱা কণ্ডলৰ চুড়ান্ত ৰূপ

0 2,041

ৰঙিয়া চহৰৰ মাজমজিয়াত অৱস্থিত এটা ঘৰৰ দখলক কেন্দ্ৰ কৰি দুই ভাই ককাইৰ কাজিয়াত অৱশেষত গৃহহাৰা হ’বলগীয়াত পৰে শাৰীৰিক ভাবে অক্ষম ভাতৃ। দুটিকৈ কন্যা সন্তানক লগত লৈ মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হয় কণিষ্ঠ ভাতৃ। ঘটনা অনুসৰি ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ ভূটান পথৰ পৰেশ কলিতাৰ গোচৰৰ ভিত্তিত  আদালতৰ নিৰ্দেশত কনিষ্ঠ ভাতৃ ইন্দ্ৰজিৎ কলিতাক পৰিয়াল সহ ঘৰৰ পৰা উচ্ছেদ কৰা হয়। কনিষ্ঠ ভাতৃ ইন্দ্ৰজিৎ কলিতাৰ অভিযোগ অনুসৰি তেওঁলোকৰ পৈতৃক ভিটাত দীৰ্ঘদিন ধৰি দুয়ো ভায়েকে পৰিয়াল সহ বসবাস কৰি আছিল। তেওঁ শাৰীৰিক ভাৱে অক্ষম হোৱা বাবে খোজ কাঢ়িব নোৱাৰে। বিগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁৰ ককায়েক পৰেশ কলিতাই কৌশলেৰে মাটি টুকুৰা নিজৰ নামত কৰি লয়, আৰু ইয়াৰ পিছৰ পৰাই তেওঁৰ অত্যাচাৰে চুড়ান্ত ৰূপ ধাৰণ কৰে। ককায়েক পৰেশ কলিতাই তেওঁলোকক পৈতৃক ভেটিৰ পৰা উচ্ছেদ কৰাৰ বাবে আদালতৰ দ্বাৰস্থ হয়। ভাতৃ ইন্দ্ৰজিৎ কলিতাৰ অভিযোগ অনুসৰি তেওঁলোকৰ বৈদ্যুতিক সংযোগ পৰ্যন্ত কাটি দিয়াৰ লগতে পানী আৰু অহা যোৱাৰ ৰাস্তা বন্ধ কৰি দিয়ে। অকল সেয়াই নহয় ইন্দ্ৰজিৎ কলিতাৰ পত্নীয়ে চুবুৰীয়াৰ ঘৰৰ পৰা খোৱাপানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু ককায়েক পৰেশ কলিতাই চুবুৰীয়াই পানী যোগান ধৰাত, চুবুৰীয়াকো ঘৰত গৈ পানী নিদিবৰ বাবে ধমক দিয়ে,আনকি চুবুৰীয়াৰ লগতো কাজিয়াত লিপ্ত হয় জেষ্ঠ ভাতৃ পৰেশ কলিতাই। পিছত তেওঁ চুবুৰীয়াৰ ওচৰত অপদস্থ হৈ বিফল মনোৰথেৰে উভতি আহে বুলিও কণিষ্ঠ ভাতৃয়ে জানিবলৈ দিয়ে। সোমবাৰে দুপৰীয়া ভাত ৰান্ধি থকাৰ সময়ত আমিনগাঁওৰ পৰা এদল আৰক্ষীয়ে আদালতৰ নিৰ্দেশ লৈ তেওঁলোকৰ ঘৰত উপস্থিত হয়। আৰক্ষীয়ে কলিতাক ঘৰ খালি কৰি দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু কলিতাই মান্তি নোহোৱাত আৰক্ষীয়ে শ্ৰমিক লগাই কলিতাৰ ঘৰৰ সকলো বয়বস্তু আনকি কাটি থোৱা পাচলিও পথৰ দাঁতিত উলিয়াই দিয়ে। পিছত নৰিয়াপাটিত থকা কলিতাক দাঙি লৈ মুকলি আকাশৰ তলত উলিয়াই দি, উক্ত ঘৰৰ দখল জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাক ছমজাই দিয়ে। ইপিনে কনিষ্ঠ ভাতৃ ইন্দ্ৰজিৎ কলিতাই দুটা কণকণ সন্তান আৰু পত্নীক লৈ মুকলি আকাশৰ তলত আশ্ৰয় লবলৈ বাধ্য হৈছে। মনকৰিবলগীয়া যে জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাই ঘৰটো পৈতৃক সম্পত্তি নহয় বৰঞ্চ তেওঁৰ নিজৰ বুলি দাৱী কৰে। অকল সেয়াই নহয় ভাতৃক চৰকাৰী চাকৰিত সোমাই দিয়া  বুলিও কয়। এই ঘটনাই ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave A Reply