Breaking

লখিমপুৰত জিলাভিত্তিত অনুষ্ঠিত ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেল সম্পন্ন

0 51

অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লখিমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্দ্ধ মুখ্যমন্ত্ৰীৰ চাহ বাগিচা আৰু আদিবাসী ফুটবল টুৰ্ণামেণ্টৰ চুড়ান্ত খেলখনৰ দেওবাৰে আনুষ্ঠানিক কাৰ্যসূচী ডিজু চাহ বাগানৰ খেলপথাৰত অনুষ্ঠিত হয়।

জিলাভিত্তিত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন ক্ৰমে ডিজু, আৰু কয়লামাৰি চাহ বাগানৰ ফুটবল দলটিৰ মাজত অনুষ্ঠিত হয়।

এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভনি কৰে লক্ষীমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা। দুয়োটা দলৰ মাজত তীব্র প্ৰতিদ্বন্দ্বিতাপূৰ্ণভাৱে হোৱা খেলখন নিৰ্ধাৰিত সময়ত গলশূন্যভাৱে সমাপ্ত হয়।

ফলাফল নিৰ্ণয়ৰ বাবে পিছত ট্ৰাইব্ৰেকাৰৰ সহায় লোৱা হয়। ট্ৰাইব্ৰেকাৰত কয়লামাৰী চাহ বাগানৰ ফুটবল দলটিয়ে ডিজু চাহ বাগানৰ ফুটবল দলটিক ৭-৬ গলৰ ব্যৱধানত হৰুৱাই খিতাপ অর্জন কৰে।

এই কাৰ্যসূচীত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, নাওবৈছা আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি , জিলা আয়ুক্ত সুমিত সত্বাৱন, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা,জিলা আৰক্ষী (সদৰ) দেবেন বৰা, জিলা ক্ৰীড়া বিষয়া ছেমি শইকীয়া, কয়লামাৰি চাহ বাগানৰ পৰিচালক তৰুণ চান্দ ,ডিজু চাহ বাগানৰ পৰিচালক জ্যোতিৰ্ময় কাকতি ,বিশিষ্ট সমাজ সেৱক ফণীধৰ বৰুৱা ABITAৰ সভাপতি সুধিৰ শ্ৰেৰাবত ,চাহ জনগোষ্ঠী উন্নয়ন বৰ্ডৰ(Tea Tribe Development Board) সভাপতি মনোজ গোৱালা, সহকাৰী সম্পাদক ATTSA সুনীল তিৰৰ্কী, ATTSA জিলা সাধাৰণ সম্পাদক ৰাজেন দাস পাৰিকা, ATTSA সাধাৰণ সম্পাদক নাওবৈছা শাখাৰ ট্ৰিউচ ধদ্ৰি আৰু বহু কেইজন বিশিষ্ট, গন্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply