Breaking

কাছাৰৰ পৰীক্ষা গৃহত চূড়ান্ত বেমেজালি। কাৰণ দৰ্শোৱাৰ জাননী অধ্যক্ষক

0 55

৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাছাৰ জিলাৰ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষক পৰিদৰ্শক আৰু ছেবাৰ পৰা জাননী জাৰি কৰা হৈছে। জিলাখনৰ গনিৰগ্ৰামৰ জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিভাগীয় নিৰ্দেশ অমান্য কৰি সুৰক্ষা ব্যৱস্থা শিঠিল কৰি ৰাখিছিল।

নকল যোগানকাৰীয়ে বিদ্যালয়ৰ দেৱাল পাৰ হৈ নকল যোগান ধৰা, সন্দেজনক শ্বিট ৰখাৰ পিছতো বহিস্কাৰ নকৰাকে ধৰি একাধিক অভিযোগৰ ভিত্তিত জিলাখনৰ বিদ্যালয় পৰিদৰ্শকে কাৰণ জনোৱাৰ জাননী জাৰি কৰে। আনহাতে উপায়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত ছেবা কৰ্তৃপক্ষই তিনিদিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা অন্তিম পৰীক্ষা। নতুন শিক্ষানীতি আৰম্ভ হোৱাৰ পিছত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহব।

Leave A Reply