Breaking

বিশ্বনাথ চাৰিআলিত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু।

0 2,041

ৰাজ্যত ক’ভিড ১৯ মহামাৰীৰ দ্বিতীয় লহৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে । বিশ্বনাথ জিলাতো কোভিড১৯ ৰোগীৰ সংখ্যা ৩০০ সীমা অতিক্ৰম কৰাৰ সময়তে  বিশ্বনাথ চাৰিআলি নগৰত আজি দুপৰীয়া প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু ঘটে । তেজপুৰ মেডিকেল কলেজত ক’ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ ননী গোপাল ঘোষ(৬৭) নামৰ এজন ব্যক্তিজন । কালি বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল গোপাল ঘোষক । বিশ্বনাথ জিলাত বৰ্তমান ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি দুজনলৈ বৃদ্ধি পালে ।

Leave A Reply