Breaking

লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ল প্ৰথম দিনৰ মেট্ৰিক পৰীক্ষা

0 29

আৰম্ভ হ’ল অন্তিমটি হাইস্কুল শিক্ষান্ত পৰীক্ষা। মৰিগাঁও জিলাৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰতো শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ল প্ৰথম দিনৰ ইংৰাজী বিষয়ৰ পৰীক্ষা।

উল্লেখ্য যে মৰিগাঁও জিলাৰ অন্তৰ্গত অন্যান্য পৰীক্ষা কেন্দ্ৰ সমূহৰ তুলনাত এই বছৰ লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত ৭ টা ফীডাৰ স্কুল ক্ৰমে কাঠনি, শিয়ালমাৰি, তিনিচুকীয়া, তিনিচুকীয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৰজাগাধোৱা, দেৱাগুৰি, দাতিয়ালবড়ী আৰু লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিলাই মুঠ ১০১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে ফ্ৰম ফিলাপ কৰিছিল যদিও শুকুৰবাৰে তাৰ ভিতৰত ৯৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়।

১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ নহ’ল, অনুপস্থিত থকা পৰীক্ষাৰ্থীসকলৰ মাজত ৪ গৰাকী ছাত্ৰ আৰু ১২ গৰাকী ছাত্ৰী। প্ৰায় ৩৫ গৰাকী নিৰীক্ষকে পৰীক্ষা কেন্দ্ৰত দায়িত্ব পালন কৰে বুলি কেন্দ্ৰ ব্যবস্থাপক তথা অধ্যক্ষ নুৰুল হুছেইনে জানিবলৈ দিয়ে। পুৱাৰ ভাগত আৰক্ষীয়ে বেৰীগেট নিদিয়াৰ বাবে মানুহৰ অগনণ ভীৰ পৰিলক্ষিত হৈছিল ।

Leave A Reply