Breaking

শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ

0 28

নগাঁৱৰ বিশিষ্ট সংগীত শিল্পী, লেখিকা প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে অনিমা বৰুৱা শৰ্মা ট্ৰাষ্টৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, উত্তৰ-পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিছন, কলংপাৰ কাকত গোষ্ঠী আৰু শংকৰজ্যোতি শাখা সাহিত্য সভাৰ সহযোগত ১ মে’ত নগাঁও শ্বহীদ ভৱন আৰু ৰাজহুৱা পুথিভঁৰালত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ সহ দুখনকৈ গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানতে খগেন চন্দ্ৰ নাথৰ দ্বাৰা সম্পাদিত “অমূল্য সুবাস” নামৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আৰু ভবেন বৰা– প্ৰতিমা বৰুৱাৰ দ্বাৰা সম্পাদিত অনিমা বৰুৱা শৰ্মাৰ প্ৰবন্ধ সংকলন “নিজকে উভতি চাওঁ” উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। অৱসৰপ্রাপ্ত শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত গ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাই অনিমা বৰুৱা শৰ্মাৰ সৈতে সান্নিধ্যৰ স্মৃতিবোৰ ৰোমন্থন কৰি কয় যে শিল্পী অনিমা বৰুৱা শৰ্মা আছিল এগৰাকী সৰল, উদাৰ, মুকলি মনৰ আৰু হাঁহিমুখীয়া নাৰী ।

সৰুৰে পৰা সুন্দৰক আৰাধনা কৰিছিল বাবেই হয়তো তেওঁ মানুহক প্ৰাণভৰি ভাল পাইছিল । সদৌ অসম গ্ৰাম্য পুথিভঁৰালত থকা আৰু অনুষ্ঠানটোলৈ অহা সকলো মানুহৰ সৈতে তেওঁ অতি আন্তৰিকতাৰে কথা পাতিছিল । প্ৰয়োজনৰ সময়ত মানুহলৈ সহায়ৰ হাত আগবঢ়াই দিছিল ।‌ এগৰাকী সংগীত শিল্পী হিচাপে বা লেখিকা হিচাপে বা সমাজসেৱী হিচাপে তেওঁ সদায় নিজকে সক্ৰিয় কৰি ৰাখিছিল আৰু যিমান পাৰে জনহিতৰ কাৰণে সময়বোৰ উৎসৰ্গা কৰিছিল । তেওঁৰ মৃত্যুয়ে সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ চৌহদত বা বহু গুণমুগ্ধৰ অন্তৰত চিৰদিনলৈ এক শূন্যতাৰ সৃষ্টি কৰি থাকিব । নিজৰ গুণেৰে অনিমা বৰুৱা শৰ্মা সদায় জীয়াই থাকিব বুলিও ৰাজখোৱাই মন্তব্য আগবঢ়ায়। একেদৰে, সভাত অনিমা বৰুৱা শৰ্মাৰ গ্ৰন্থ ‘নিজকে উভতি চাওঁ’ উন্মোচন কৰি প্ৰাক্তন মন্ত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে পেলে, ভূপেন হাজৰিকা আদিৰ দৰে অজস্ৰ মানুহ পৃথিৱীত জীয়াই আছে কৰ্মৰ জৰিয়তে । যি কৰ্মই জনতাৰ কল্যাণ সাধন কৰে, সমাজ বা দেশৰ নাম উজ্জ্বল কৰে, সেই কৰ্ম মহান কৰ্ম হিচাপে সকলোৰে আদৰণীয় হৈ আহিছে । অনিমা বৰুৱা শৰ্মাও স্বকৰ্মৰে সকলোৰে আদৰণীয় হৈছে । তেওঁক এবাৰ যিয়েই লগ পাইছে, সকলোৱে এগৰাকী বিদূষী মহিলা হিচাপে আজি তেওঁক মনত পেলাইছে । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ সকলো ভাল কামৰ মূল প্ৰেৰণা আছিল অনিমা বৰুৱা শৰ্মা ।

তেওঁৰ বিয়োগ সঁচাকৈয়ে বৰ বেদনাদায়ক । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক প্রতাপ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা এই সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, অৱসৰপ্রাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৃষ্ণ বৰা, প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ কন্যা, অভিনেত্ৰী, লেখিকা অভিলেখ শৰ্মা প্ৰমুখ্যে কেইবা গৰাকী বক্তাই প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহ: সম্পাদক খগেন চন্দ্ৰ নাথে আঁত ধৰা এই সভাত সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক জীৱেশ্বৰ দেৱগোস্বামী, চিকিৎসক ডাঃ লম্বোদৰ হাজৰিকা, লেখক দেহীৰাম শইকীয়া, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ সভাপতি ধীৰেন চন্দ্ৰ শৰ্মাৰ উপৰি ডঃ ধৰ্মেশ্বৰ গোস্বামী, ৰঞ্জিত কুমাৰ তামুলী ফুকন, গুৰমাইল সিং, গৌৰী বল্লভ গোস্বামী, বিনু লস্কৰ ঠাকুৰীয়া, ডঃ অঞ্জনা গোস্বামী, মাধন শইকীয়া, হৰিদেৱ মহন্ত, নৱকান্ত লিগিৰা, ৰুমু বেগম, জীৱ প্ৰসাদ বৰকটকী, গুণ বৰা, নিৰলা দাস, বিভা ফুকন, ডঃ টুলুমণি দেৱী,ভবেন বৰা, পুণ্যদা বৰা, অশোক ৰাম ভট্টাচাৰ্য, ফজলুল হক মৰল প্ৰমুখ্যে সমাজৰ দুই শতাধিক গণ্য-মান্য লোক উপস্থিত আছিল। সভাৰ শলাগৰ শৰাই আগবঢ়ায় অনিমা বৰুৱা শৰ্মাৰ স্বামী তথা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই। উক্ত সভাৰ পিছতে কবি, সৰ্বশিক্ষা আঁচনি বিষয়া শ্ৰুতিমালা গায়ন বৰাৰ সঞ্চালনাত এখনি কবি মেল অনুষ্ঠিত হয়। গুণকান্ত শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত পদুম ৰাজখোৱা, বিনু দেৱী ঠাকুৰীয়া, নীলকমল বৰা প্ৰমুখ্যে দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে। ইয়াৰ পূৰ্বে পুৱা ভাগত ডঃ কৰবী দেৱীৰ পৰিচালনাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু ভক্তিমূলক গীতৰ অনুষ্ঠান, প্ৰয়াত অনিমা বৰুৱা শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Leave A Reply