Breaking

স্বৰ্ণ কন্যা হিমা দাসৰ জন্ম স্থান ধিঙত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতা। অংশগ্ৰহণ ৩৪০ গৰাকীকৈ প্ৰতিযোগীৰ…

0 69

গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত লুপ্ত হৈ থকা প্ৰতিভা সমূহক এখনি মঞ্চ দিবলৈ ২০২০ তে সংবাদদাতা দীপ জ্যোতি কাকতিৰ প্ৰচেষ্টাত আৰম্ভ কৰা “ধিং কাৰাটে ড’ একাডেমিয়ে” পোন প্ৰথম বাৰৰ বাবে ধিঙৰ সোনালী ক্ষেত্ৰত দুদিনীয়াকৈ আন্ত:ক্লাৱ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতিযোগিতা খনত অসমৰ বহু কেইখন জিলাৰ তিনিশ চল্লিশ গৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ধিং কাৰাটে ড’ একাডেমিয়ে আয়োজন কৰা প্ৰতিযোগিতা খনত মুখ্য অতিথি হিছাপে থাকে অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰন সম্পাদক আদৰ্শ চৌধাৰী । ধিঙৰ ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধাৰীয়ে উদ্বোধন কৰা প্ৰতিযোগিতা খনত অতিথি হিছাপে অংশগ্ৰহণ কৰে ভাৰতীয় হকী সন্থাৰ আৰু অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাসে ।

প্ৰতিযোগিতা খনত মৰিগাঁও কাৰাটে একাডেমিয়ে ১৩ টাকৈ সোনৰ পদক ১১ টা ৰূপৰ ১২ টাকৈ বঞ্জৰ পদকে শ্ৰেষ্ঠ দল হোৱাৰ লগতে বৰচলা কাৰাটে ক্লাৱে ১৩ টাকৈ সোনৰ পদক, ৭ টা ৰূপৰ, ১২ টাকৈ বঞ্জৰ পদকে দ্বিতীয় স্থান আৰু কাৰাটে একাডেমি ৰাইডঙীয়াই ১০ টাকৈ সোনৰ পদক ৮ টা ৰূপৰ, ৭ টাকৈ বঞ্জৰ পদকৰে তৃতীয় স্থান লাভ কৰে।

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

Leave A Reply