কচুৱাত নগাঁৱ জিলা কৰ্মচাৰী পৰিষদৰ নৱগঠিত সমিতিৰ প্ৰথমখন কাৰ্যনিবাহক সভা…

নগাঁও জিলাৰ কচুৱাত কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সৌজন্যত নৱগঠিত জিলা সমিতিৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।”চৰকাৰে শিক্ষক সকলৰ সমস্যা সমূহ সমাধানত গুৰুত্ব দিয়া নাই।” এই অভিযোগ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক শ্যামন্ত দাসৰ।এই সভাত অংশ গ্ৰহন কৰি নগাঁও জিলাৰ কৰ্মচাৰী পৰিষদৰ সম্পাদক শ্যামন্তু দাসে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে।ৰাজ্যৰ কম্পিউটাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শ্যামন্তু দাসে মন্তব্য কৰে যে কৰ্মচাৰী পৰিষদে চৰকাৰে বাৰে বাৰে কৈ থকাৰ পিছত কম্পিউটাৰ শিক্ষক সকলৰ কিছু সংখ্যকৰ চাকৰি নিয়নীয়াকৰণ হ’ল যদিও কিছু সংখ্যকৰ আজিও নিয়মীয়াকৰণ হোৱা নাই। কেৱল শ্ৰেণীত কম্পিউটাৰ পাঠদানেই নহয় অন্যান্য বিষয়ত পাঠদান কৰাৰ উপৰিও বিদ্যালয়ৰ ভিন্ন কাম কাজৰ লগতে নিবাচনত দায়িত্ব উত্তৰ-বহী নিৰীক্ষণৰ দায়িত্বকে ধৰি বিভিন্ন কাম কাজত জড়িত থাকিও উপযুক্ত পাৰিশ্ৰমিক তথা মৰ্যদা লাভ কৰিব পৰা নাই।চাৰি জুনত কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিবাহকত শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে কি দৰে কাৰ্যপন্থা হাতত লৈ আগবাঢ়িব লাগিব তাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হ’ব বুলি শ্যামন্ত দাসে মন্তব্য কৰে।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠানটোৰ ৯-৩০ মিনিটত পতাকা উত্তোলন কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগীতা, চিত্ৰাংকণ,কবিতা আবৃত্তি আদি প্ৰতিযোগীতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি বিয়লি ২ বজাত বটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত কৰে। সভাত নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা কাতিবৰ চেঙা,মিন্টু শৰ্মা,অতুল বৰা,জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি যজ্ঞেশ্বৰ ৰাজখোৱা, সাধাৰণ সম্পাদক শ্যামন্ত দাস,কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উপদেষ্টা ৰাতুল বৰা,অতুল বৰা, সভাপতি প্ৰনৱ শইকীয়া, উপসভাপতি আব্দুচ ছালাম, সাধাৰণ সম্পাদক মতিউৰ ৰহমানকে ধৰি বহু বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে কৰ্মচাৰী পৰিষদৰ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।


কচুৱাৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Related Articles