Breaking

ম্যানমাৰৰ চিটৱেবন্দৰত প্ৰৱেশ কৰিব লগীয়া প্ৰথম ভাৰতীয় মালবাহী জাহাজখনক আদৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 58

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৯ মে’ তাৰিখে ম্যানমাৰৰ চিটৱে বন্দৰত প্ৰথমখন ভাৰতীয় মালবাহী জাহাজক আনুষ্ঠানিকভাৱে আদৰিব। এই ঐতিহাসিক অনুষ্ঠানটোৱে ভাৰতৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ মাজত মালবাহী জাহাজৰ নিয়মীয়া পৰিবহণ মুকলি কৰিব, যাৰ ফলত দুয়োখন ওচৰ-চুবুৰীয়া দেশৰ মাজত পৰিবহণ, বাণিজ্য, অৰ্থনৈতিক বিকাশ আৰু পাৰস্পৰিক সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব। এই পথটোৱে সমগ্ৰ বংগোপসাগৰ উপদ্বীপৰ বাবে প্ৰবল অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰাৰ সম্ভাৱনা আছে, যাৰ জৰিয়তে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ অঞ্চলৰ মাজত শক্তিশালী সংযোগ স্থাপন হ’ব- কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি ডিব্ৰুগড়ত সংবাদ মাধ্যমক সম্বোধন কৰি এই বিষয়ে সবিশেষ অৱগত কৰে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গভীৰ সন্তুষ্টি ব্যক্ত কৰি কয়, “কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ মাজত কাৰ্গ’ চলাচল আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সাগৰীয় পথসমূহলৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ দিশত উত্তৰ-পূব ভাৰতে এক নতুন সুযোগ লাভ কৰিছে।” কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কালি কলকাতা বন্দৰত এমভি-আইটিটি লায়ন (ভি-২৭৩) নামৰ জাহাজখনৰ ফ্লেগ্ অফ্ কৰে।

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “আমি ভাৰত আৰু ম্যানমাৰৰ মাজত এক নতুন জলপথৰ আৰম্ভণি কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ, যাৰ মূল উদ্দেশ্য হৈছে স্থলবেষ্টিত উত্তৰ-পূব ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহত বৈকল্পিক প্ৰৱেশাধিকাৰ নিশ্চিত কৰা। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ‘এক্ট ইষ্ট নীতি’ৰ সঠিক বাস্তৱায়িতকৰণৰ এয়া এক প্ৰকৃত প্ৰতিফলন। মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত ভাৰতে কিদৰে চুকে-কোণে গুৰুত্বপূৰ্ণ উন্নয়ন সম্ভৱ কৰি আছে, এয়া উক্ত পদক্ষেপৰ মাজেদি সুদূৰপ্ৰসাৰীভাৱে ফুটি উঠিছে। এই যুগান্তকাৰী পৰিঘটনাই উত্তৰ-পূব ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত এক নতুন যুগৰ সূচনা কৰাৰ সম্ভাৱনা আছে। কালি ফ্লেগ্ অফ্ হোৱা জাহাজখনে কেৱল এটা নতুন জলপথৰ অন্বেষণ কৰাই নহয়, লগতে নতুন ভাৰতৰ আশা-আকাংক্ষাও বহন কৰি আছে, যাৰদ্বাৰা উত্তৰ-পূব ভাৰতৰ জনসাধাৰণ বিশেষকৈ উপকৃত হ’ব।”

কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পৰ (কেএমটিটিপি) অংশ হিচাপে ভাৰত চৰকাৰৰ অনুদান সহায়ৰ অধীনত চিটৱে বন্দৰটো নিৰ্মাণ কৰা হৈছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আইডব্লিউএআই) – প্ৰকল্প বিকাশ পৰামৰ্শদাতা হিচাপে বন্দৰৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে। ১,০০০ মেট্ৰিক টন চিমেণ্টযুক্ত মুঠ ২০,০০০ বেগ কঢ়িয়াই অনা এমভি-আইটিটি লায়ন (ভি-২৭৩) জাহাজখনে অহা ৯ মে’ তাৰিখে চিটৱে বন্দৰত প্ৰৱেশ কৰিব।

এই প্ৰসংগত সোণোৱালে লগতে কয়, “সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত চিটৱে বন্দৰে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দক্ষিণ-পূব এছিয়াৰ সমৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ বাবে দক্ষ পৰিবহণৰ বিশাল সম্ভাৱনা উন্মুক্ত কৰাৰ সম্ভাৱনা আছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰকল্পৰ দ্ৰুত ৰূপায়ণত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে, যাতে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা বিস্তৃত ৰূপত উপলব্ধি কৰিব পৰা যায়। উত্তৰ-পূব ভাৰতৰ উপৰি, এই বন্দৰটোৱে দক্ষিণ-পূব এছিয়াৰ সৈতেও সংযোগৰ শক্তিশালী প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰিব। ভাৰত আৰু ম্যানমাৰৰ বাহিৰেও বাংলাদেশ, ভূটান, আনকি নেপালৰ বাবেও ই বিশাল বাণিজ্যিক সম্ভাৱনা মুকলি কৰিব। এয়া হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘সবকা সাথ, সবকা বিকাশ’ দৃষ্টিভংগীৰ ৰূপায়ণৰ এক প্ৰকৃত প্ৰতিফলন।”

ভাৰতৰ মিজোৰাম ৰাজ্যৰ সৈতে ম্যানমাৰৰ চিটৱে বন্দৰক সংযোগ কৰা কালাদান নদীৰ ওপৰত মাল্টিম’ডেল ট্ৰাঞ্জিট পৰিবহণ সুবিধা নিৰ্মাণ আৰু পৰিচালনাৰ বাবে এক ফ্ৰেমৱৰ্ক চুক্তিৰ অধীনত চিটৱে বন্দৰটো বিকশিত কৰা হৈছে। বন্দৰটোক এটা অভ্যন্তৰীণ জলপথৰ জৰিয়তে ম্যানমাৰৰ পালেটৱাৰ সৈতে আৰু এটা উপ-পথৰ জৰিয়তে পালেটৱাৰপৰা মিজোৰামৰ জোৰিনপুইলৈ সংযোগ কৰা হৈছে। সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পই (কেএমটিটিপি) ভাৰতৰ পূব উপকূলৰপৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ চিটৱে বন্দৰৰ জৰিয়তে বৈকল্পিক সংযোগ প্ৰদান কৰিব।

তদুপৰি, কলকাতাৰপৰা চিটৱে বন্দৰলৈ কঢ়িয়াই নিবলগীয়া সা-সামগ্ৰী বাংলাদেশৰ টেকনাফ বন্দৰলৈও প্ৰেৰণ কৰিব পৰা যাব, যি চিটৱেৰপৰা মাত্ৰ ৬০ নটিকেল মাইল দূৰত্বত অৱস্থিত। টেকনাফ বন্দৰৰপৰা সামগ্ৰীবোৰ ৩০০ কিলোমিটাৰ দূৰত থকা ত্ৰিপুৰাৰ চাব্ৰুমলৈ পথ পৰিবহণ কৰিব পাৰি। চাব্ৰুমত বাংলাদেশ আৰু ত্ৰিপুৰাৰ মাজত এক সংহত শুল্ক সীমান্ত আছে। পৰিবহণৰ সময় আৰু লজিষ্টিক ব্যয় যথেষ্ট হ্ৰাস কৰি চিটৱে বন্দৰ আৰু কালাদান প্ৰকল্পই ত্ৰিপুৰাকো যথেষ্ট লাভান্বিত কৰিব।

বন্দৰটোৱে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ বাবে নতুন সুযোগ-সম্ভাৱনা মুকলি কৰিব কিয়নো ই বাণিজ্য আৰু পৰিবহণৰ বাবে এক বৈকল্পিক পথ উন্মুক্ত কৰিব আৰু লগতে ভাৰত-ম্যানমাৰ, ভাৰত-বাংলাদেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু বাণিজ্যও অধিক বৃদ্ধি কৰিব।

“এই নতুন মাৰ্গটোৱে এতিয়াৰ শিলিগুৰি হৈ কলকাতালৈ যোৱা পথতকৈ অধিক সময়, ধন ৰাহি কৰিব। কলকাতাৰপৰা আইজললৈ সামগ্ৰী পৰিবহণৰ ব্যয় আৰু সময় এতিয়া ৫০%তকৈও অধিক হ্ৰাস পাব। ইয়াৰ যোগেদি সমগ্ৰ উত্তৰ-পূব ভাৰতেই লাভান্বিত হ’ব। একেদৰে, কলকাতাৰপৰা আগৰতলালৈকে সা-সামগ্ৰীবোৰৰ চলাচলৰ বাবে উক্ত ব্যৱস্থাৰ জৰিয়তে যথেষ্ট কম খৰচ আৰু সময় লাগিব। কলকাতাৰপৰা আগৰতলালৈ পথৰ দৈৰ্ঘ্য প্ৰায় ১৬০০ কিলোমিটাৰ আৰু পথেদি গ’লে ৪ দিন লাগে। কিন্তু এতিয়া চিটৱেৰপৰা চিটাগং হৈ চাব্ৰুমৰপৰা আগৰতলালৈ ২ দিনৰ ভিতৰতে এই যাত্ৰা সম্ভৱ হৈ উঠিব। ইয়াৰ ফলত পথত যান-বাহনো হ্ৰাস পাব পাৰিব আৰু সামুদ্ৰিক পৰিবহণৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধন কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ লগতে পৰিবহণৰ পাৰিপাৰ্শ্বিক ব্যয় যথেষ্ট হ্ৰাস কৰিব। এই নতুন মাৰ্গৰ মুকলিকৰণে কেৱল আমাক অৰ্থনৈতিকভাৱেই নহয়, পৰিৱেশগতভাৱেও সহায় কৰিব।”- সোণোৱালে লগতে কয়।

উল্লেখযোগ্য যে, চিটৱে বন্দৰৰপৰা আৰু বন্দৰটোলৈ আমদানি-ৰপ্তানিৰ বাবে মুখ্য কাৰ্গ’ৰ ভিতৰত অৰ্থাৎ ম্যানমাৰৰপৰা ৰপ্তানিৰ ভিতৰত আছে চাউল, কাঠ, মাছ আৰু সাগৰীয় খাদ্য, পেট্ৰ’লিয়াম সামগ্ৰী, বিভিন্ন ৰকমৰ বস্ত্ৰ ইত্যাদি। চিটৱে বন্দৰলৈ আমদানিৰ মুখ্য কাৰ্গ’ অৰ্থাৎ ম্যানমাৰৰদ্বাৰা আমদানিৰ ভিতৰত আছে চিমেণ্ট, ষ্টীল আৰু ইটাৰ দৰে নিৰ্মাণ সামগ্ৰী ইত্যাদি। 

Leave A Reply