Breaking

ডিব্ৰুগড় চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সদ্যঘোষিত বি ডি এচ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান ফাৰহীন তবচ্ছুমৰ…

0 35

ডিব্ৰুগড় চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ সদ্যঘোষিত বি ডি এচ চূড়ান্ত পৰীক্ষাত প্ৰথম স্হান ফাৰহীন তবচ্ছুম অসমৰ ভিতৰত তৃতীয়

যোৱা ৯ ফেব্ৰুৱাৰী ,২০২৪ তাৰিখে ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ২০২৩ বৰ্ষৰ চূড়ান্ত বি ডি এচ (Bachelor of Dental Surgery ) পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। এই ফলাফলত ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্ৰথম স্থান আৰু অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰে ফাৰহীন তবচ্ছুমে।


ফাৰহীন তবচ্ছুম উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ঢালিগাঁওত থকা দিল্লী পাব্লিক স্কুলৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈ ২০১৯ চনত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত ডিব্ৰুগড়ৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। চাৰি বছৰীয়া এই পাঠ্যক্ৰমত তেওঁ প্ৰতিটো পৰীক্ষাতে সফলতাৰে উত্তীৰ্ণ হয়। এই সফলতাৰ কৃতিত্ব তেওঁৰ পিতৃ মাতৃৰ লগতে শিক্ষক সকলক দিয়ে বুলি জানিবলৈ দিয়ে।

ফাৰহীন তবচ্ছুমৰ পিতৃ ফৰহাদ-উল হক এগৰাকী বিষয়া আৰু মাতৃ আর্জু গৃহিনী।তেওঁলোকৰ দুই কন্যাৰ ভিতৰত ফাৰহীন তবচ্ছুম প্ৰথম কন্যা আৰু দ্বিতীয় কন্যা তামান্না বৰ্তমানে চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত। এগৰাকী ভাল চিত্ৰশিল্পী ৰূপে পৰিচিত ফাৰহীন তবচ্ছুম চিত্ৰ ইতিমধ্যে জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ পৰা প্ৰকাশিত জাৰ্নেলৰ লগতে এইমচৰ পৰা প্ৰকাশিত “মাইনচ” নামৰ জাৰ্নেলত প্ৰকাশ পাইছে।

Leave A Reply