যোৰহাট জিলাত শতাধিক চাহ বাগিচা আছে। তাৰ ভিতৰৰে মৰিয়নিৰ ভেলাগুৰি চাহবাগিছাক যোৰহাট জিলাৰ প্ৰথমখন টি বি মুক্ত চাহবাগিছাৰূপে বিশ্ব যক্ষ্মা দিৱসৰ দিনা যোৰহাট জিলা যক্ষ্মা দূৰীকৰণ বিভাগে ঘোষণা কৰে। এই উদ্দেশ্যে ২৪ মাৰ্চত বাগিছাখনত যোৰহাট জিলা ভিত্তিত বিশ্ব যক্ষ্মা দিৱস পালনৰ লগতে এই ঘোষণা কৰা হয়। যক্ষ্মা দূৰীকৰণ বিভাগৰ ডাক্তৰ ভক্তিময় ভট্টাচার্যই আদৰণী ভাষণ আগবঢ়োৱা সভাখনৰ আঁত ধৰে দিপক হাজৰিকাই। ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ পত্নী চাহ আৰু প্ৰাক্তন চাহ বাগিচা উন্নয়ন সংস্থাৰ সভানেত্রী কবিতা তাচা, উজনি অসমৰ চাহবাগিছাসমূহৰ মুখ্য চিকিৎসা বিষয়া ডাক্তৰ পি খাওন্দ, যোৰহাটৰ ম’হকুমা স্বাস্থ্য চিকিৎসা বিষয়া ডাক্তৰ বীৰু বৰকাকতি, টি বি ৰোগমুক্ত হোৱাৰ বাবে চেম্পিয়ন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মী মিনতি নায়ক পুৰান, জিলা টি বি বিভাগৰ বিজু কামানে ভাষণ আগবঢ়োৱা সভাখনত ডাক্তৰ অপূর্ব শৰ্মা, ডাক্তৰ লপা দাস, ডাক্তৰ মাধৱ সৰকাৰ, চাহবাগিছাখনৰ জনকল্যাণ বিষয়া ৰামেশ্বৰ কুৰ্মী, স্থানীয় পঞ্চায়তৰ সভানেত্রী ৰীণা বৰাইক, দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আচ্ছাৰ সুৰেশ মিৰ্ধা, দীনেশ চাহু, অভিজিৎ টেলেঙা, দীনেশ গঞ্জু, সুম্বৰী বৰা, কলেজৰ প্ৰবক্তা গীতিমল্লিকা দেৱী, বেচৰকাৰী সংগঠন সংকল্প শিখাৰ সম্পাদক জগন্নাথ অগ্নিবৰা, পশ্চিম যোৰহাট সাংবাদিক সংস্থা আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ সভাপতি ৰমেন শইকীয়া, পাৰ্থসাৰথী হাজৰিকা বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাখনত চাহ জনগোষ্ঠীৰ শিল্পীসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।
যক্ষ্মা বিভাগৰ বিষয়া-কৰ্মচাৰী, ভালেকেইটা স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী, চাহবাগিছাখনৰ বিষয়া-কৰ্মচাৰী, বাসিন্দা আৰু সমীপৱৰ্তী গাঁওসমূহৰ লোকসকলে বিশ্ব যক্ষ্মা দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি সহযোগিতা আগবঢ়ায়। উল্লেখ্য, যোৰহাট জিলা যক্ষ্মাদূৰীকৰণ বিভাগে মাহজোৰা কাৰ্যসূচীৰে জিলাখনত বিশ্ব যক্ষ্মা দিৱস পালন কৰাৰ লগতে ২৪ মাৰ্চত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে।

