Breaking

বড়ো ভাষাৰ প্ৰথমখন থিয়েটাৰ ‘চৌৰাঙ মঞ্জুৰ’ৰ সোণালী জয়ন্তী

0 48

১৯৭৪ বৰ্ষতে পূৰ্বৰ বৰপেটা তথা বৰ্তমানৰ নৱ গঠিত বজালী জিলাৰ পাঠশালাৰ সমীপৰ অতি ভিতৰুৱা লেছৰা গাঁৱত জন্ম লাভ কৰিছিল বড়ো ভাষাৰ প্ৰথম খন থিয়েটাৰ “চৌৰাঙ মঞ্জুৰ”। আদর্শ কৃষক পৰিয়ালৰ সন্তান চন্দ কান্ত মুছাহাৰীয়ে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে গাঁঠীৰ ধন খৰচ কৰি চৌৰাঙ মঞ্জুৰ” কেইগৰাকীমান কলা-কুশলীক লৈ পাতনি মেলিছিল।

পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে থিয়েটাৰখনে নাট্য প্ৰেমী ৰাইজৰ বিপুল সমাদৰ লাভ কৰি অসমৰ ভিন্ন প্ৰান্তৰ লগতে নাগালেণ্ডৰ ডিমাপুৰ, পশ্চিমবঙ্গৰ বড়ো বসতি প্ৰধান অঞ্চলত প্ৰতিবছৰে নাটক প্ৰদৰ্শন কৰি আহি আহি গৌৰৱোজ্বল ৫০বছৰত ভৰি দিলে।

থিয়েটাৰখনৰ মুখ্য কাৰ্যালয় পাঠশালাৰ সমীপৰ চৌৰাঙ পথাৰ লেছৰাত এক বিশাল মণ্ডপত ১৪, ১৫আৰু ১৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে অনুষ্ঠিত হৈ সফল সমৰণি পৰে সোণালী জয়ন্তীৰ।

কায্যসূচী অনুসৰি থিয়েটাৰৰখনৰ পতাকা উত্তোলন কৰে স্বত্বাধিকাৰী চন্দ্ৰ কান্ত মুছাহাৰীয়ে তাৰ পিছতেই ছাফাই অভিযান, শ্বহীদ তৰ্পণ মঞ্চ উদ্বোধন, সাংস্কৃতিক শোভাযাত্ৰা থিয়েটাৰ খনৰ কলা কুশলী সন্মিলন, স্মৃতি গ্ৰন্থ উন্মোচন, বিশেষ সম্বৰ্ধনা অনুষ্ঠান, মত বিনিময় অনুষ্ঠান, বিভিন্ন নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ লগতে মুকলি সভা অনুষ্ঠিত হয়।

থিয়েটাৰখনৰ উদযাপন সমিতিৰ সভাপতি বিদ্যাধৰ দৈমাৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বড়ো ৱমেন জাষ্টিছ ফৰামৰ উপদেষ্টা অঞ্জলি দৈমাৰীয়ে উপস্থিত থাকি কয় যে চিৰাং মঞ্জু থিয়েটাৰ খনে ৫০ বর্ষ অতিক্ৰম কৰাক লৈ আমি গৌৰাৱান্বিত। বড়ো জাতি সংস্কৃতি, জীয়াই ৰখাটো কিমান প্ৰয়োজন থিয়েটাৰখনে আজি ৫০বছৰ আগৰ পৰাই সেইটো চিন্তা কৰি আহিছে সেয়ে আমি সদায় চিৰঋণী হৈ থাকিব লাগিব। লগতে দৈমাৰীয়ে কয় যে ‘অনাগত সময়ত চিৰাং মঞ্জু থিয়েটাৰৰ স্বত্বাধিকাৰী চন্দ্ৰ কান্ত মুছাহাৰীয়ে সু-স্বাস্থ্যৰে থাকি তেখেতৰ যি সপোন আগুৱাই লৈ যাওক, বড়ো জাতিৰ যি সংস্কৃতি সেই সংস্কৃতি আৰু বেছি সবল কৰাৰ কামনা কৰিলো’।

উক্ত মুকলি সভাত বিটিচিৰ প্ৰাক্তন ই, এম অনছুমৈ খুগুৰ বড়ো, মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ মাখন স্বৰ্গীয়াৰী আদিকে কৰি আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি থিয়েটাৰ “চৌৰাঙ মঞ্জু” থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কৰ্মৰাজী আদিৰ সম্পৰ্কে তত্বগধুৰ ভাষণ প্ৰদান কৰে। আনহাতে সন্ধিয়াৰ ভাগলৈ জন-প্রিয় কণ্ঠ শিল্পী ফুকন বড়োৰ স’তে অহা এটি সাস্কৃতিক শিল্পীৰ দলে সংগীতানুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শক ৰাইজক মুগ্ধ কৰি তুলে।

Leave A Reply