পিঁয়াজ আৰু আপেলত থকা ফ্লেভনয়ড স্বাস্থ্যৰ বাবে অতি উপকাৰী…

ফ্লেভনয়ড আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ বাবে আপুনি বহু ধৰণৰ ফল-মূল, শাক-পাচলি আৰু পানীয় সেৱন কৰিব লাগিব। ফল-মূল, শাক-পাচলি আৰু ফুলৰ ৰঙৰ লগতে সম্পৰ্ক আছে ফ্লেভনয়ডৰ। ইয়াৰ জৰিয়তে আমাৰ স্বাস্থ্যৰ বহু দিশত উপকাৰ হয়। ফ্লেভনয়ডৰ মূল প্ৰকাৰ কি কি আৰু কোনবোৰ বস্তু খালে আপুনি লাভ কৰিব ফ্লেভনয়ড…

১/ কুৱেৰচেটিন
কুৱেৰচেটিন পিঁয়াজ, আপেল, জামু, চাহত পোৱা যায়। যাৰ জৰিয়তে শৰীৰে বহু ধৰণৰ পুষ্টি লাভ কৰে আৰু ইয়াক মানসিক স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়।

২/ কেটেচিন
কেটেচিন গ্ৰীণ টি, চকলেট, আৰু বহুতো ফল-মূলত পোৱা যায়। এইবোৰ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগত জড়িত আৰু বহু দিশত কেন্সাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

৩/ এপিকেটেচিন
চাহ, চকলেট, আৰু কিছুমান ফল-মূলত এপিকেটেচিন পোৱা যায়। ইয়াৰ পুষ্টিকৰ প্ৰভাৱ কেটেচিনৰ দৰেই।

৪/ কেম্পফেৰল
বন্ধাকবি, ব্ৰকলি, চাহ, জামুত কেম্পফেৰল পোৱা যায়। ইয়াৰ পুষ্টিকৰ আৰু শান্ত কৰা গুণ আছে, যিয়ে আমাক কেন্সাৰ আৰু প্ৰদাহৰ পৰাও ৰক্ষা কৰে।

৫) এন্থ’চাইনাডিন
বহুতো ফল-মূল, যেনে জামু, আঙুৰ, কবি আদিত পোৱা ৰঙা, নীলা আৰু বেঙুনীয়া ৰঙৰ বাবে এন্থ’চাইনিন দায়ী। এইবোৰৰ পুষ্টিকৰ আৰু শান্ত কৰা প্ৰভাৱ আছে।


৬/ ৰুটিন
নেমুত পোৱা যায়। ই তেজৰ ৰক্তবাহী নলীৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।

৭) লুটিন
বিলাহী, জলকীয়া, বিলাহীত লুটিন পোৱা যায়। ইয়াৰ প্ৰদাহ আৰু কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে। লগতে মানসিক চাপৰ পৰাও উপশম দিয়ে।

৮) ফ্লেভন
বিলাহীত ফ্লেভন পোৱা যায়। ইহঁতে শৰীৰক পুষ্টি দিয়ে আৰু উত্তেজনাক খেদি পঠিয়াই দিয়ে।

এই সমূহ ফল-মূল, শাক-পাচলিত লাভ কৰিব ফ্লেভনয়ড।


Related Articles