Breaking

দুলীয়াজানৰ হাতীজান চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস : কাণসাৰ নাই বনবিভাগৰ

0 1,636

দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীজান চাহ বাগিচাত নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । দিনে-ৰাতিয়ে নাহৰফুটুকীৰ মুক্ত বিচৰণকলৈ এতিয়া বাগিচাৰ শ্ৰমিক সকলৰ মাজত আতংকই বিৰাজ কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি দীৰ্ঘদিনৰ পৰা উক্ত চাহ বাগিচা এলেকাত কেইবাটাও নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে ৰাইজৰ গৰু আৰু ছাগলী বধ কৰি ভক্ষণ কৰি আহিছে । এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাগিচাৰ শ্ৰমিক সকলে বাৰম্বাৰ বনবিভাগকক আবেদন-নিবেদন জনাই আহিছে যদিও আজিকোপতি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ ফলত বাগিচাৰ শ্ৰমিক ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰে শ্ৰমিক সকলক নিৰাপত্তা দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

Leave A Reply