Breaking

গুৱাহাটীৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত ব্যতিক্ৰমী ৰূপত কুটুম্ব সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন…

0 92

সনাতন হিন্দু ধৰ্ম-দৰ্শন, সভ্যতা-সংস্কৃতি আৰু মান-মৰ্যাদাৰ হেতু প্ৰতি পল কাম কৰি থকা অসমৰ অগ্ৰণী সংগঠন “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ ২৬ মে’ৰ দিনা অসম সাহিত্য সভাৰ গুৱাহাটীৰ “জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদন”ত এক ব্যতিক্ৰমী ৰূপত “প্ৰতিষ্ঠা দিৱস” পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস বুলি হাজাৰ হাজাৰ কাৰ্যকৰ্তাক একগোট কৰি এক বৃহৎ অধিৱেশন পাতি অসমৰ ৰাইজক আমাৰ সাংগঠনিক শক্তি দেখুৱালে অসম তথা সনাতন সমাজৰ কোনো ফল নধৰে; যদি তাৰ পৰা আমি সমাজলৈ কোনো ধৰণৰ প্ৰগতিশীল বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰোঁ। আজি নিতৌ সংগঠনৰ জন্ম হৈছে। নিতৌ মৰিছে। কিন্তু, সমস্যা সমূহ হ্ৰাস পোৱাৰ পৰিৱৰ্তে বাঢ়িছেহে। গতিকে, কুটুম্ব সুৰক্ষা পৰিষদ-এ সদায় নিজকে সমাজৰ বিষয় সমূহৰ প্ৰতি দায়বদ্ধ বুলি প্ৰমাণ কৰি আহিছে। আমাৰ বাবে ধৰ্ম আৰু সমাজ প্ৰথম আৰু প্ৰধান। গতিকে, আমি গতানুগতিক সাংগঠনিক অধিবেশন বা তেনেধৰণৰ কাৰ্যক্ৰমৰ বিপৰীতে বৰ্তমান সময়ত আমাৰ সমাজক “তন্ত্ৰ-মন্ত্ৰ”ৰ নামত বিপথে পৰিচালিত কৰি আমাক অন্ধকাৰ লৈ পৰ্যৱসিত কৰা এক অতি গুৰুত্বপূৰ্ণ বিষয় তন্ত্ৰ সাধনাৰ ওপৰত আমি অসমৰ বিশেষজ্ঞ সমূহৰ সৈতে আলোচনা কৰি এক ইতিবাচক দিক নিৰ্ণয়ৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ।” পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি সত্য ৰঞ্জন বৰাই এইদৰে কয়।

“প্ৰাচীন কামৰূপৰ তন্ত্ৰ সাধনা আৰু আজিৰ অসম” শীৰ্ষক ২৬ মে’ৰ দিনা হৈ যোৱা সভা খনত বিষয়বস্তু বিশেষজ্ঞ হিচাপে উপস্থিত থাকে আচাৰ্য শ্ৰী ৰোহিনী বল্লভ গোস্বামী, মা কামাখ্যা শক্তিপীঠৰ অনন্য উপাসক-তন্ত্ৰ সাধক শ্ৰীতাৰিণী প্ৰসাদ শৰ্মা, কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ৰ বেদান্ত দৰ্শন বিভাগৰ অধ্যাপক শ্ৰীসুনিতী বল্লভ গোস্বামী, মা কামাখ্যা শক্তিপীঠৰ সৰু দলৈ শ্ৰীহিমাদ্ৰী শৰ্মা আৰু মায়ং তন্ত্ৰ গৱেষক শ্ৰী লুকেন্দ্ৰ হাজৰিকা। উক্ত সভাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় শতাধিক জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে আৰু আলোচনাত প্ৰত্যক্ষ ভাৱে অংশগ্ৰহণ কৰে আৰু প্ৰতিগৰাকী লোকেই আজিৰ সময়ত অতিকৈ প্ৰাসংগিক হৈ পৰা আলোচনা সভা খনি আয়োজন কৰাৰ হেতু কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাক ভূঁয়সী প্ৰশংসা কৰে। উক্ত সভাত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা “তন্ত্ৰ-মন্ত্ৰ বিধেয়ক” প্ৰসংগত বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অনাগত দিনত তন্ত্ৰ সাধনাৰ ধাৰা বৈজ্ঞানিক ভিত্তিত আগুৱাই নিবলৈ আৰু বজাৰত উপলব্ধ তান্ত্ৰিকৰ বেশত থকা লুলুপ আততায়ী সমূহৰ পৰা সাধাৰণ জনতাক মুক্ত কৰিবলৈ বিশেষ কাৰ্যপদ্ধতি নিৰ্ধাৰণৰ হেতু এখনি আহ্বায়ক সমিতি গঠন কৰা হয়। অসম চৰকাৰৰ “তন্ত্ৰ-মন্ত্ৰ” বিষয়ক আইনৰ ওপৰত সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে যদি “তন্ত্ৰ-মন্ত্ৰ” কৰা মানেই অপৰাধ হয়; তেনে হ’লে মা কামাখ্যা মন্দিৰ বন্ধ কৰি দিব লাগিব; কোনো ধৰণৰ পূজা-যজ্ঞ আদি আয়োজন কৰিব নোৱাৰিব; সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনৰ যি বৈদিক সিদ্ধান্ত সেই সিদ্ধান্ত সমূহ নোহোৱা কৰি পেলাব লাগিব; ঋগ্বেদৰ দৰে বিজ্ঞানৰ সমল গ্ৰন্থ পৰ্যন্ত আমি নোহোৱা কৰি পেলাব লাগিব। গতিকে, এনে কথা চূড়ান্ত অজ্ঞানতা আৰু সনাতন হিন্দু ধৰ্ম-দৰ্শনৰ চূড়ান্ত পৰিপন্থী। “চৰকাৰে কোনোবাই তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা বেয়া কাম কৰিছে, সমাজ অহিত কাম কৰিছে, তেনে লোকক শাস্তি দিয়ক। আমাৰ ক’বলগীয়া নাই। কিন্তু, “তন্ত্ৰ-মন্ত্ৰ” এই শব্দ কি প্ৰয়োগ কৰিলে সেই বিষয়ত স্পষ্টকৈ উল্লেখ কৰিব লাগে আৰু খুব সোনকালে সেই শব্দ আইনখনৰ পৰা বাতিল কৰি অন্য শব্দ প্ৰয়োগ কৰক।” আলোচনা সভাত নিজৰ বক্তব্যত এইদৰে কয় আচাৰ্য শ্ৰী ৰোহিনী বল্লভ গোস্বামীয়ে।


অধ্যাপক শ্ৰী সুনীতি বল্লভ গোস্বামী এই প্ৰসংগত কয় যে — “তন্ত্ৰ-মন্ত্ৰ”ৰ তাৎপৰ্য নীতি নিৰ্ধাৰণ কৰা সকলে হয়তো বুজি পোৱা নাই। গতিকে, তেখেত সকলে জগতৰ কল্যাণকাৰী বিষয়বোৰ যোগ্য জনৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। তন্ত্ৰ শব্দ ইমান তৰল নহয়। তন্ত্ৰ মানে এক কথাত ব্যৱস্থা। যেনেকৈ গণতন্ত্ৰ, সমাজতন্ত্ৰ ইত্যাদি। মন্ত্ৰ মানে হ’ল শব্দৰ মনন কৰা। গতিকে, এই কথাবোৰৰ তাৎপৰ্য চৰকাৰে উপলব্ধি কৰক আৰু বিক্ষিপ্ত ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকে দুষ্ট লোকক শাস্তি দিবলৈ কিবা আইন কৰে কৰক। আমাৰ তাত ক’বলগীয়া নাই। কিন্তু “তন্ত্ৰ-মন্ত্ৰ” ৰ প্ৰয়োগ ভুল হৈছে; সেয়া তেওঁলোকে পুনৰ বিবেচনা কৰি শুদ্ধ কৰক।”

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ “জয়ন্ত কুমাৰ-লখিমী বৰুৱা” প্ৰেক্ষাগৃহত আয়োজিত সভাত বৰ্তমান সময়ত হকে-বিহকে সমাজত নিজকে “তন্ত্ৰ সম্ৰাট” “সিদ্ধ গুৰু” আদি বিভিন্ন বিশেষণেৰে নিজকে পৰিচয় কৰোৱাই সাধাৰণ জনতাক কু-পথলৈ নি নষ্ট কৰা বিষয়টো খুব গভীৰ ভাৱে আলোচিত হয়। আজি বিগত কিছু বছৰৰ পৰা হোৱাই নোহাৱাই নিজকে কালী সাধক, তন্ত্ৰ সাধক বুলি ৰিচয় দি দোকান খুলি জনতাক প্ৰবঞ্চনা কৰি থকা স্বাৰ্থপৰ লোক সকলৰ প্ৰতি আজিৰ সভা যথেষ্ট কঠোৰ হয় আৰু অনাগত দিনত যাতে এইধৰণৰ কোনো দুষ্ট লোকে সমাজ নষ্ট কৰাৰ লগতে তন্ত্ৰ-মন্ত্ৰক কলুষিত কৰিব নোৱাৰে; সেই সমস্ত বিষয় সমূহ পৰ্যবেক্ষণ কৰিবলৈ এখনি আহ্বায়ক সমিতি গঠন কৰা হয়। উক্ত সমিতি খনে পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন ভুক্তভোগী সমূহৰ লগতে নিজকে তন্ত্ৰ-মন্ত্ৰৰ সাধক, বিশেষজ্ঞ, সম্ৰাট আদি বুলি পৰিচয় দিয়া লোক সকল, জ্যোতিষী সমূহ, বিশেষজ্ঞ-সংগঠক সমূহক লৈ এখনি পূৰ্ণাংগ পৰ্যবেক্ষণ সমিতি জনকল্যাণৰ হেতু গঠন কৰিব।

২৬ মে’ ৰ দিনা গঠন হোৱা সভা খনত গঠন হোৱা আহ্বায়ক সমিতি খন এনেধৰণৰ:-

উপদেষ্টা:
আচাৰ্য শ্ৰী ৰোহিনী বল্লভ গোস্বামী।

আহ্বায়ক:
শ্ৰীতাৰিণী প্ৰসাদ শৰ্মা, তন্ত্ৰ সাধক -উপাসক, মা কামাখ্যা শক্তিপীঠ।

সহ-আহ্বায়ক: শ্ৰীহিমাদ্ৰী শৰ্মা, সৰু দলৈ, মা কামাখ্যা শক্তিপীঠ।

সদস্য সকল:
জ্যোতিৰ্ময় শৰ্মা
পবিত্ৰ শৰ্মা
ধীৰাজ ভট্টাচাৰ্য্য, উমানন্দ
মুনিন হুজুৰী
বিবেক মিশ্ৰ
ধ্যানবিদ বিকে দাস
গৌৰী ৰাজখোৱা (সদস্য সচিব//সমন্বয়ৰক্ষক)
জ্যোতিৰ্ময়ী দেৱী
পংকজ দেৱ শৰ্মা

সভাৰ শেষত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই কয় যে তন্ত্ৰ-মন্ত্ৰ শীৰ্ষক আইনখনক লৈ সভাৰ আলোচনা পৰিষদে অসমৰ মুখ্যমন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ আৰু মুখ্য সচিব লৈ অনতিপলমে প্ৰেৰণ কৰিব। তেওঁ লগতে কয় যে মা কালী মহাকালী, মা কামাখ্যা আৰু মায়ঙৰ তন্ত্ৰ-মন্ত্ৰৰ নামত বজাৰত দোকান খোলা সকল সাৱধান।। আপোনোকে নিজকে “তন্ত্ৰ সম্ৰাট, সিদ্ধ পুৰুষ, সিদ্ধ বাবা” আদি হোৱাৰ প্ৰমাণ আমাৰ আগত প্ৰতিষ্ঠা কৰিব লাগিব। অন্যথা, দোকান বন্ধ কৰিব লাগিব। সভাত কুটুম্ব সুৰক্ষা পৰিষদৰ সাধাৰণ সম্পাদক দিহানামৰ গুৰু অমিয়া নেওগ কলিতা, উপ-সভাপতি শ্ৰী ৰাধা দেৱী, পৰিষদৰ নগাঁও, মৰিগাঁও, বৰপেটা, গুৱাহাটী, কামৰূপ, শিৱসাগৰ, গোৱালপাৰা, দৰং, নলবাৰী আদি জিলাৰ প্ৰতিনিধি সকলৰ লগতে অসমৰ বিভিন্ন ঠাইৰ শতাধিক জ্যেষ্ঠ-যোগ্য লোকে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে পৰিষদৰ “সূত্ৰধাৰ” শীৰ্ষক কাৰ্যক্ৰম, পৰিষদৰ বঁটা প্ৰদান আদিৰ লগতে বিগত বছৰ সমূহৰ কাৰ্যক্ৰমৰ ওপৰত এক সুন্দৰ বৰ্ণনা সভাপতি সত্য ৰঞ্জন বৰাই সমূহৰ আগত তুলি ধৰে।

Leave A Reply