Breaking

নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান

0 1,699

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে ৰাতিপুৱা ৯-৩০ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পুৱা দহ বজাত অৱসৰপ্ৰাপ্ত অধ্যাপক শ্যামাচৰণ ঠাকুৰীয়াই ছহীদ তৰ্পন কৰাৰ পিছত অধ্যাপক আতোৱাৰ ৰহমানৰ পৰিচালনাত বৃক্ষৰোপন কৰে ক্ৰমে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষীকান্ত শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মদন পাঠক,  অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক ধীৰেণ চন্দ্ৰ তালুকদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ দাস, শিক্ষক গোটৰ সভাপতি নুৰ আলম, কৰ্মচাৰী গোটৰ সভাপতি সত্যজিৎ কলিতাই প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে।ৰাতিপুৱা এঘাৰ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰে নগৰবেৰা মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিয়ে।

আয়োজক সমিতিৰ আহ্বায়ক শ্বাহ জামাল মোল্লা আৰু অধ্যাপিকা ভূমিজা বৰ্মনে আঁতধৰা অনুষ্ঠানটিত স্থানীয় বিধায়িকা নন্দিতা দাসৰ লগতে নগৰবেৰা মৌজা কমিটিৰ প্ৰতিনিধি সকল, মহাবিদ্যালয়ৰপৰিচালনা সমিতিৰ সভাপতি, সদস্য সকল,  শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, প্ৰাক্তন শিক্ষক- ছাত্ৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাতা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে প্ৰয়াত মহান ব্যক্তি সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰে। ইয়াৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দীনবন্ধু ঠাকুৰীয়াই আনুষ্ঠনিকভাৱে নাৰিকল ভাঙি সোণালী জয়ন্তী বৰ্ষ সমাৰোহ উদযাপনৰ আৰম্ভণি অনুষ্ঠান মুকলি কৰে। ইফালে প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া পাঁচ বজাত Google meet ৰ জড়িয়তে  আয়োজিত  কৰা এক সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ মৃদুল হাজৰিকাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০ঃ অসমৰ উচ্চ শিক্ষাৰ প্ৰক্ষাপটত ইয়াৰ সুযোগ আৰু প্ৰত্যাহ্বান “শীৰ্ষ বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব বুলি উদ্যোক্তা সকলে জনাইছে। 

Leave A Reply