Breaking

গীতানগৰ লেখিকা সমাৰোহৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

0 28

সদৌ অসম লেখিকা সমাৰোহৰ অন্যতম শাখা সমিতি গীতানগৰ লেখিকা সমাৰোহ সমিতিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বুধবাৰে চানমাৰীস্থিত পেঞ্চনাৰ ভৱনত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

সমিতিৰ সভানেত্ৰী দীপাঞ্জলি ভট্টাচাৰ্যৰ পতাকা উত্তোলনৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপদেষ্টা বৰ্ণালী তালুকদাৰে। ইপিনে গীতানগৰ লেখিকা সমাৰোহৰ সম্পাদিকা বৰ্ণালী বৰা হাজৰিকাৰ উদ্দেশ্য বাখ্যাৰে আগবঢ়া অনুষ্ঠানৰ মুকলি সভাখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে কামৰূপ মহানগৰ লেখিকা সমাৰোহৰ সভানেত্ৰী নন্দিতা চলিহাই।

একেটা অনুষ্ঠানতে সমিতিৰ বাৰ্তালোচনী খনো উন্মোচন কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোগতাসকলে। নিজৰ উন্মোচনী ভাষণত চলিহাই অসমীয়া ভাষা সাহিত্যৰ গতিধাৰাৰ ওপৰত সাৰগৰ্ভ মন্তব্য আগবঢ়ায়।

অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কামৰূপ মহানগৰ লেখিকা সমাৰোহৰ উপদেষ্টা নিলীমা বৰা কাৰ্যকৰী সভাপতি কমলা উজীৰ, গল্পকাৰ অতনু ভট্টাচাৰ্যই তত্ব গধূৰ মন্তব্যৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।


সভাত প্ৰথিতযশা সাহিত্যিক অতুলানন্দ গোস্বামীৰ পুত্ৰ নয়না নন্দ গোস্বামী আৰু তেওঁৰ পত্নী শৰ্মিষ্ঠা গোস্বামী উপস্থিত থাকি পৰিয়ালৰ হৈ গীতানগৰ শাখাই আয়োজন কৰা সদৌ অসম‌ ভিত্তিত আয়োজন কৰা চুটিগল্প প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আড়ম্বণপূৰ্ণ সভাখনৰ সামৰণি পৰে মালাশ্ৰী লস্কৰ বৰাৰ শৰাগৰ শৰাই আৰু অসম সংগীতেৰে।

Leave A Reply