টংলা : বৃহস্পতিবাৰে টংলা ভেৰগাঁও পথৰ হাৰচাপাৰাৰ পুখুৰীৰ সমীপত এটা মানিবেগ ৰাভা ছাত্র সন্থাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক জয়ন্ত ৰাভাই হেৰুৱা পাই টংলা আঞ্চলিক ছাত্র সন্থাৰ শিক্ষা সম্পাদক তথা ওদালগুৰি জিলা ছাত্র সন্থাৰ নৱ নিযুক্ত সাহিত্য সম্পাদক চিন্তুমনি চক্ৰবৰ্তীক জমা দিয়ে আৰু লগে লগে চিন্তুমনি চক্ৰবৰ্তীয়ে সামাজিক মাধ্যমেত উক্ত মনিবেগত থকা ড্রাইভিং লাইসেন্স সহ এক পোষ্ট দি ৰাইজক জনাই দিয়ে আৰু তাৰ কিছু সময় পাচতেই মনিবেগৰ হিতাধিকাৰীৰ লগত ফোন যোগে কথা পাতি মনিবেগৰ বিষয়ে জনাই। শুক্রবাৰে ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজমজিয়াত অবস্থিত ধনৰাজ হোটেলত উক্ত মানিবেগৰ শুৱালকুচি ভাটিপাৰাৰ হিতাধিকাৰী পৰশমনি দাসক আমন্ত্রণ জনাই টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়াৰ উপস্থিতিত হেৰাই পোৱা মানিবেগৰ সকলো নথি পত্র সহ নগদ ধন খিনি উভতাই দিয়ে। চিন্তুমনি চক্ৰবৰ্তী আৰু জয়ন্ত ৰাভাৰ এনে পদক্ষেপৰ বাবে শুৱালকুচি ভাটিপাৰাৰ হিতাধিকাৰী পৰশমনি দাসৰ লগতে তেওঁৰ বন্ধু ৰুপম জ্যোতি মেধিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

