বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা…

অকল মহিলাৰ দ্বাৰা গঠিত বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা |
এশ গৰাকী দৰিদ্ৰ মহিলাক বিনামূলীয়া লৈ প্ৰদান কৰে পানী বিশুদ্ধকৰন ফিল্টাৰ |বিলাসীপাৰাৰ মহামায়া মন্দিৰ প্ৰাঙ্গণত বিতৰণ কৰে ফিল্টাৰ সমুহ |


উল্লেখ্য যে মহাৰাষ্ট্ৰৰ শ্ৰীকাৰা ৱাৰ্ল্ড ফাউণ্ডেচনৰ অৰ্থ সাহাৰ্য্যত মহিলা গ্ৰুপটোৱো বিতৰণ কৰা কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ফাউণ্ডেচনৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়া ববীয়া ঋষিকেশ বৰুৱা, ইন্দ্ৰনীল ক্যাশ্যপ আৰু তৃষ্ণা সাহা |


বিতৰণী কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ঋষিকেশ বৰুৱাই কয় যে অতি সম্প্ৰতি দূষিত পানী সেৱন কৰাৰ ফলত মানুহে বিভিন্ন বেমাৰ আজাৰত ভুগিব লগীয়া হৈছে |
বিশেষ কৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল বোৰে যাতে এটোপাল বিশুদ্ধ পানী পাব পাৰে তাৰেই প্ৰয়াস কৰা হৈছে |
মূলত শিক্ষা আৰু নাৰী সৱলীকৰণৰ উদ্দেশ্যে গঠন হোৱা শ্ৰীকাৰা ৱাৰ্ল্ড ফাউণ্ডেচনে আগলৈ বিলাসীপাৰাত আৰু অধিক উন্নয়ন মূলক আচঁনি ৰূপায়ণ কৰি বুলি বৰুৱাই কয়

বিলাসী পাৰাৰ পৰা জিয়াৰুল আলমৰ প্ৰতিবেদন

Related Articles