Breaking

বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ গৌৰৱময় যাত্ৰা। গৌৰৱময় যাত্ৰাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক দিগন্ত বৰ্মন

0 1,553

হাতে হাতে ত্ৰিৰংগা লৈ মুকালমুৱাত কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰা। অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা গৌৰৱময় যাত্ৰাত অংশ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন। কাপলাবড়ীৰ পৰা আৰম্ভ কৰি মুকালমুৱাস্থিত ৰাজীৱ ভৱনলৈ উলিয়াই স্বাধীনতাৰ এই গৌৰৱময় যাত্ৰা।

স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতি গৰাকী বীৰ স্বহীদক স্মৰণ কৰি স্বাধীনতাৰ গৌৰৱময় যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে। কংগ্ৰেছ কৰ্মী সকলে হাতে হাতে ত্ৰিৰংগা লৈ বন্দে মাতৰম ধ্বনিৰে মুখৰিত কৰে সমগ্ৰ মুকালমুৱা অঞ্চলত।

Leave A Reply