Breaking

চৰকাৰে থিয় দিলে অসমীয়া শিপিনীৰ পক্ষত; ৬০লাখ টকাৰ গামোচা ক্ৰয় হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ…

0 188

আমদানিকৃত গামোচাৰ বিক্ৰি নিষিদ্ধ ঘোষনা কৰাৰ পিছত উৎসাহিত থলুৱা শিপিনীৰ গামোচা ক্ৰয় কৰে হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগে। উল্লেখযোগ্য যে এইবাৰ বৰাক উপত্যকাৰ পৰা ক্ৰয় কৰা হয় ১৫ লাখ টকাৰ ফুলাম গামোচা।

এই বিষয়ে বিভাগটোৰ যুটীয়া সঞ্চালক দিব্যজ্যোতি মজুমদাৰে জানিবলৈ দিয়ামতে বৰাক উপত্যকাৰ শিপিনীৰ পৰা ১৫ লাখ টকাৰ ৬ হাজাৰৰ অধিক ফুলাম গামোচা ক্ৰয় কৰা হয়।

স্বাভাবিকতে ই এক উৎসাহজনক ঘটনা হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগে এইবেলি থলুৱা শিপিনীৰ পৰা ৬০ লক্ষাধিক মূল্যৰ গামোচা ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰে।

ইতিমধ্যে গামোচা ক্ৰয় অন্ত পৰা বুলি জানিব পৰা গৈছে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি গৰাকী নাগৰিকক থলুৱা গামোচা ক্ৰয় কৰি শিপিনী সকলক আৰ্থিক ভাবে সহায় কৰিবলৈ অসমবাসীক আহ্বান জনাইছিল। একেদৰে চৰকাৰে বিহুৰ পূৰ্বে মৰগীয়া বানচ বৃদ্ধি কৰা বুলি উল্লেখ কৰি সকলোকে গামোচা ক্ৰয় কৰিবলৈ আহ্বান জনায়।

আনহাতে পাৱাৰলুমৰ গামোচা বিক্ৰিত বাধা আৰোপ কৰাত মধ্যভোগীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। গুজৰাটী বনিয়াই বাধা নিষেধ উঠাই লবলৈ তীব্ৰ হেচা প্ৰয়োগ কৰিছিল যদিও থলুৱা শিপিনীৰ লগতে উদ্যোগটোৰ স্বাৰ্থত চৰকাৰে সেও নামানি অসমীয়া শিপিনীৰ পক্ষত থিয় দিয়ে।

Leave A Reply