Breaking

ৰাখী পূৰ্ণিমাৰ দিনটোত গুৱাহাটীবাসীক চৰকাৰৰ উপহাৰ। মুকলি হ’ব মালিগাওঁৰ উৰণ সেঁতু…

0 44

মই ৰোমাঞ্চিত হৈ পৰিছো। অতি আনন্দৰ কথা যে ৰাখী পূৰ্ণিমাৰ দিনটোত মুকলি হ’ব মালিগাওঁৰ উৰণ সেঁতুখন। এই ভাষ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ৩০ আগষ্টত ৰাখী পূৰ্ণিমা। সেই দিনটোতেই ভনীয়েকে ককায়েকক ৰাখী পিন্ধাই দীৰ্ঘায়ু কামনা কৰাৰ লগতে কামন কৰে ভাতৃত্ববোধৰ অটুত বন্ধন। সেই পবিত্ৰ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক উপহাৰ দিব মালিগাঁৱ পৰা কামাখ্যা গেট পৰ্যন্ত নিৰ্মাণ কৰা ২.৬ কিলোমিটাৰ দৈঘ্যৰ উৰণ সেতুখন।

এই বিষয়ে ডঃ শৰ্মাই টুইট কৰি গুৱাহাটীবাসীৰ লগতে অসমবাসীক অবগত কৰি কয় যে তেওঁ এই বিষয়ে ঘোষনা কৰি নিজেই ৰোমাঞ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে ২০২০ বৰ্ষত সেঁতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। সেঁতুখনৰ ব্যয় হৈছে ৪২০ কোটি টকা। সেঁতুখন মুকলি হোৱাৰ লগে লগে দীৰ্ঘদিনীয়া যানজটৰ সমস্যাৰ পৰা ৰাইজে সকাহ পাব বুলি আশা কৰা হৈছে।

Leave A Reply