লাহৰীঘাটৰ দাতিয়ালবড়ী গাঁৱৰ দুই ভাতৃৰ মহানুভৱতা

ক’ভিড সৃষ্ট পৰিবেশৰ বাবে ৰাজ্যত বৰ্তমানেও বলবৎ হৈ আছে লকডাউন। লক-ডাউনত নিজৰ কৰ্ম সংস্থাপন হেৰুৱাই অমানিশা নামি আহিছে বহু দৰিদ্ৰ পৰিয়াললৈ। যি সময়ত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বহু দৰিদ্ৰ পৰিয়ালে তেনে সময়তে দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াই মহানুভৱতা পৰিচয় দাঙি ধৰিছে  মৰিগাঁও জিলাৰ  লাহৰীঘাটৰ দাতিয়ালবড়ী গাঁৱৰ ৰাশিদুল হক চৌধুৰী আৰু শ্বাহিন মিজানুল হক চৌধুৰী দুই ভাই-ককাইয়ে। ভাতৃ দ্বয়ে গাঠিৰ ধনেৰে অঞ্চলটোৰ প্ৰায় দুই শতাধিক দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল, ডালি,মিঠাতেল,বিস্কুটকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। দুই ভাতৃৰ এনে মহানুভৱতাৰ শলাগ লয় অঞ্চলটোৰ ৰাইজে। 

Related Articles