Breaking

সম্প্ৰসাৰণ হল গুৱাহাটী-শিলচৰ সংযোগী ৰেলগাড়ী খন ! সপ্তাহত তিনিদিনকৈ চলিব ৰঙিয়া জংচনৰ পৰা…

0 107

সুদীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত ১৫৬১১/১৫৬১২ নম্বৰ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্রাপথৰ সম্প্ৰসাৰণ কৰা হৈছে ৰঙিয়ালৈ । নতুন যাত্ৰা পথত চলিব লগীয়া ৰেলখনৰ সোমবাৰে ৰঙিয়া ষ্টেচনত ফ্লেগ অফ কৰা হয় ।

ফ্লেগ অফ কৰে ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । সপ্তাহত তিনিদিনকৈ চলাচল কৰিব লগীয়া এই এক্সপ্ৰেছ ৰেলগাড়ীখনে এতিয়াৰেপৰা গুৱাহাটীৰ পৰিৱৰ্তে ৰঙিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব। সপ্তাহৰ প্ৰতি সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে আবেলি ৩-৪৫ বজাত এই ৰেলগাড়ীখনে ৰঙিয়া ৰেল জংচনৰপৰা যাত্ৰা আৰম্ভ কৰি পাছদিনা পুৱা ৪-৩০ বজাত শিলচৰত উপস্থিত হ’ব।

লগতে সপ্তাহৰ প্ৰতি দেওবাৰ, বুধবাৰ আৰু শুকুৰবাৰে নিশা ১০-৪০ বজাত শিলচৰৰপৰা ওভতনি যাত্ৰা আৰম্ভ কৰি পাছদিনা দিনৰ ১০-৪৫ বজাত ৰঙিয়াত উপস্থিত হ’ব। অসম ৰেল যাত্রী সংস্থাই বিগত কেইবাবছৰ ধৰি বৰাক উপত্যকাৰ সৈতে সংযোগ ঘটোৱা এই বিশেষ এক্সপ্ৰেছ ৰেলগাড়ীখন ৰঙিয়ালৈ সম্প্ৰসাৰণৰ বাবে দাবী জনাই আহিছিল। অৱশেষত এই দাবী পূৰণ হোৱাত ৰেলযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই ৰেল বিভাগক ধন্যবাদ জনাইছে।

Leave A Reply