Breaking

ৰঙামাটিৰ প্ৰাথমিক বিদ্যালয়ৰ হাতেলিখা আলোচনী ‘প্ৰতীতি’ ৰংমেলা শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উন্মোচন কৰা হয়…

0 1,630

ৰঙামাটিৰ সমীপবৰ্তী কৰৈয়নি বনুৱা বষ্টি প্ৰাথমিক বিদ্যালয়ৰ কন কণ ছাত্ৰ-ছাত্ৰীৰ সহযোগত শিক্ষক গোটৰ দ্বাৰা প্ৰকাশিত হাতেলিখা আলোচনী “প্ৰতীতি” খন আজি বিদ্যালয়ত অনুষ্ঠিত ৰংমেলা শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উন্মোচন কৰা হয়৷ বিদ্যালয়ৰ সভাগৃহত বিয়লি ১১ বজাৰ পৰা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হৰেণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত হাতে লিখা আলোচনী খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে গোলাঘাট উত্তৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া সজাগ জ্যোতি বৰুৱায়।

উক্ত সভাত উপস্থিত থাকে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক মৌচুমী বৰুৱা ,বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰা, পৰিচালনা সমিতিৰ বিষয় ববিয়া, মাতৃ গোটৰ সদস্যা, অভিভাৱক সকলৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তি।

Leave A Reply