তিতাবৰ মহকুমাৰ অন্তৰ্গত বিৰিণাশায়েক গাওঁ পঞ্চায়ত এলেকাৰ তিনিটা চুবুৰী তিতাবৰ প্ৰশাসনে আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কণ্টেইনমেণ্ট জ’ন বুলি ঘোষণা কৰিলে। ভৰলুৱা, কোঁৱৰ চুক আৰু গোহাঁই চুক নামৰ ঠাই তিনিখনত প্ৰশাসনে দাং বান্ধি বেনাৰ লগাই ওলোৱা সোমোৱা নিষিদ্ধ কৰিলে।কিন্তু দুখৰ বিষয় যে কণ্টেইনমেণ্ট জ’নৰ ক’ৰোণা আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ নামত আজিলৈকে পেৰাচিটামল টেবলেট এটাও দিয়া নাই স্বাস্থ্য বিভাগে। কণ্টেইনমেণ্ট জ’নৰ ভিতৰত থকা গৰ্ভৱতী মাতৃৰ,শিশুৰ, বৃদ্ধ বৃদ্ধা সকলৰ আৰু তিনি ঠাইৰে পশুধন বিলাকৰ দুৰবস্থা তাৎপৰ্যপূৰ্ণ। খোৱা বোৱাৰ পৰা বেমাৰৰ ঔষধ পাতিলৈকে কোনেও যোগান ধৰা নাই। এটা পেৰাচিটামল টেবলেটৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে।বৰ্তমানলৈকে অঞ্চলটোৰ কোনো চুবুৰীতে চেনিটাইজ কৰা নাই স্বাস্থ্য বিভাগে। তদুপৰি কোভিদ১৯ৰ পৰা বিৰিণাশায়েকবাসীক উদ্ধাৰ কৰিবলৈ খাদ্যৰ পৰা ধৰি দৰব পাতি লৈকে যোগান ধৰিব লাগে তিতাবৰ মহকুমা প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে।তিতাবৰ বাসীৰ হৈ দেবজিৎ হাজৰিকা আৰু কিশোৰ হাজৰিকাই বাতৰি কাকতলৈ প্ৰেৰণ কৰা বিবৃতিত কৈছে যে স্বাস্থ্য বিভাগে আৰু তিতাবৰ মহকুমা প্ৰশাসনে বাতৰি কাকতত বিবৃতি দিয়েই দায় সাৰিবলৈ বিচাৰিলে নহব।আনহাতে বৰ্তমান পৰ্যায়ত বিৰিণাশায়েক ক’ৰোণাৰ হটস্পত হোৱা নাই বুলি দাবী কৰি তেওঁ লোকে কয় যে প্ৰায় ৪০০ ব্যক্তিৰ কোভিদ টেষ্ট কৰা হৈছিল আৰু তাৰে ৩০ ব্যক্তিৰ শৰীৰত কোভিদ১৯ৰ উপস্থিতি ধৰা পৰিছে ।ইয়াৰ ভিতৰত প্ৰায় ৪ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ আহিল। তাৎপৰ্যপূৰ্ণ ভাবে বিৰিণাশায়েকৰ এজন ক’ৰোণা ৰোগী যোৰহাট মেডিকেল কলেজ ৰ কোভিদ হস্পিটেলৰ পৰা আৰোগ্য হৈ ঘৰলৈ আহিবলৈ ২২৮০ টকা হস্পিটেলতে দিব লগীয়া হৈছে। কাজেই বা:বা:লোৱা কাৰ্যৰ বিপৰীতে তিতাবৰত স্বাস্থ্য বিভাগে আৰু তিতাবৰ মহকুমা প্ৰশাসনে বাস্তৱ সন্মত ভাবে কোভিদ আক্ৰান্ত ব্যক্তিক আৰোগ্য কৰিবলৈ কৰ্তব্য পালন কৰিব লাগে।তিতাবৰ মহকুমা অসামৰিক হস্পিটেলৰ মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে কোভিদ আক্ৰান্ত অঞ্চলটোত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা কৰা নাই বুলি অভিযোগ উঠিছে। কোভিদ প্ৰতিষেধক দিয়াৰ ব্যৱস্থাও তিতাবৰত সঠিককৈ হোৱা নাই বুলি ৰাইজৰ মাজত অভিযোগ উঠিছে।

