Breaking

গৰমে দহিছে মহাৰাষ্ট্ৰক, ১৪ জন লোকৰ মৃত্যু। জাৰি কৰিছে গাইডলাইন…

0 72

গৰমে দহিছে মহাৰাষ্ট্ৰক, ১৪ জন লোকৰ মৃত্যু। জাৰি কৰিছে গাইডলাইন…। এই পৰ্যন্ত মহাৰাষ্ট্ৰত হিট ষ্ট্ৰ’কৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে, বিএমচিয়ে জাৰি কৰিছে গাইডলাইন। এপ্ৰিল মাহত দেশত বাঢ়িছে গৰমৰ প্ৰকোপ। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৩৬ ডিগ্ৰী অতিক্ৰম কৰিছে, যাৰ বাবে মানুহে তীব্ৰ গৰমৰ সন্মুখীন হৈছে।

এই পৰ্যন্ত মহাৰাষ্ট্ৰত হিট ষ্ট্ৰ’কৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত বৃহনমুম্বাই পৌৰ নিগমে গৰম বৃদ্ধিৰ পৰা হাত সাৰিবলৈ জাৰি কৰিছে গাইডলাইন।

পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।পাতল ৰঙৰ, ঢিলা আৰু কপাহী কাপোৰ পিন্ধক। ৰ’দত ওলাই যোৱাৰ সময়ত সুৰক্ষামূলক চশমা, ছাতি/টুপী, জোতা বা চেণ্ডেল ব্যৱহাৰ কৰিব লাগে।

যাত্ৰাৰ সময়ত পানী লগত ৰাখিব। মদ, চাহ, কফি আৰু কাৰ্বনেটেড শীতল পানীয় পৰিহাৰ কৰিব লাগে।


প্ৰটিনযুক্ত খাদ্য পৰিহাৰ কৰক। যদি আপুনি বাহিৰত কাম কৰি আছে তেন্তে টুপী বা ছাতি ব্যৱহাৰ কৰক। পাৰিলে কপাহী কাপোৰেৰে মূৰ আৰু মুখখন ঢাকি ল’ব।


মূৰ, ডিঙি, মুখত ভিজা কাপোৰ ব্যৱহাৰ কৰিব লাগে। ৰখাই থোৱা বাহনত শিশু বা পোহনীয়া জন্তু এৰি নাযাব।
যদি আপুনি দুৰ্বল বা অসুস্থ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক।


ঘৰতে বনোৱা পানীয় যেনে নেমু পানী, মাখন, নাৰিকল পানী নিয়মিতভাৱে খাব লাগে। ই শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে।ঘৰখন ঠাণ্ডা কৰি ৰাখক, পৰ্দা, চাটাৰ বা ছানশ্বেড ব্যৱহাৰ কৰক আৰু ৰাতি খিৰিকী খোলা ৰাখক।


Leave A Reply