নীৰব ঘাতকৰূপী পানমচলাৰ অবাধ ব্যৱহাৰে এটা প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পিছতো নীৰব দৰ্শকৰ ভূমিকা পালন কৰি আহিছে ৰাজ্য চৰকাৰে। আনকি আদালতৰ নিৰ্দেশেও গা লৰাব পৰা নাই চৰকাৰক। উল্লেখযোগ্য যে আম আদমি পাৰ্টিৰ জিতুল ডেকাই ২০২০ বৰ্ষত ভয়ংকৰ মেগনেছিয়াম কাৰ্বনেটযুক্ত পান মচলা বিক্ৰি হৈ থকাৰ বিষয়ে দ্বাৰস্থ হৈছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ। আদালতত স্বয়ং স্বাস্থ্য বিভাগৰ লগতে খাদ্য সুৰক্ষা বিভাগে বিষাক্ত মেগনেছিয়াম কাৰ্বনেটযুক্ত ৪৩ বিধ পান মচলা বিক্ৰি হৈ থকাৰ বিষয়ে স্বীকাৰ কৰিছিল। আনকি মেগনেছিয়াম কাৰ্বনেটে মানৱ শৰীৰত কৰ্কট আৰু হৃদযন্ত্ৰ বন্ধ কৰাৰ বিষয়েও অবগত কৰিছিল। উচ্চ ন্যায়ালয়ে জিতুল ডেকাৰ আবেদনৰ শুনানী গ্ৰহন কৰি অসম চৰকাৰক পান মচলা বিক্ৰিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল ২০২০ চনৰ ২১ নবেম্বৰত।
চৰকাৰে মানৱ জীৱনতকৈ ব্যৱসায়ীৰ স্বাৰ্থক গুৰুত্ব প্ৰদান কৰি আদালতৰ নিৰ্দেশ ধোঁৱাচাঙত তুলি থোৱাত জিতুল ডেকাই পুনৰ গৌহাটি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আদালতে চৰকাৰে বিষাক্ত পান মচলা বিক্ৰিৰ ক্ষেত্ৰত কি ব্যৱস্হা গ্ৰহন কৰিছে সেই বিষয়ে ১২ ছেপ্তেম্বৰত আদালতক অবগত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জিতুল ডেকাই পানমচলা বহিঃৰাজ্যৰ পৰীক্ষা কৰি বিষাক্ত মেগনেছিয়াম কাৰ্বনেট থকাৰ তথ্য আদালতত দাখিল কৰিছিল। তেওঁ চৰকাৰক এই বিষয়ে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ডেকাই জানিবলৈ দিয়ামতে ব্যৱসায়ী সকলে চকুত ধুলি মাৰিবলৈ পানমচলা আৰু জৰ্দা বেলেগে বেলেগে বিক্ৰি কৰি অহা বুলি জানিবলৈ দি কয় যে জৰ্দা আৰু পানমচলা মুখৰ ভিতৰত মিহলি হৈ গুটখা হৈ পৰে। আশ্চৰ্যজনক দিশটো হৈছে মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক পানমচলা বিক্ৰিৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ উদাসীন।

