Breaking

পুনৰ হিজাব বিতৰ্কই মূৰ দাঙি উঠিছে কৰ্ণাটকত, ছাত্ৰীয়ে হিজাব পিন্ধি অহাৰ পিছতে বহু ছাত্ৰীয়ে পিন্ধিলে গেৰুৱা স্কার্ফ…

0 20

২০২২ বৰ্ষত কৰ্ণাটকত আৰম্ভ হৈ সমগ্ৰ দেশতে বিয়পি পৰা হিজাব বিতৰ্কই আনকি বিদেশতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। হিজাপ বিতৰ্ক পুনৰ ৰাজ্য খনত আৰম্ভ হৈছে। এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে হিজাব পিন্ধা এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। ছাত্ৰীগৰাকীয়ে হিজাব পিন্ধাৰ প্ৰতিবাদ স্বৰূপে একাশ ছাত্ৰীয়ে গেৰুৱা স্কার্ফ পিন্ধি মহাবিদ্যালয়লৈ আহে। ঘটনাটোৱে দুবছৰ পূৰ্বে কৰ্ণাটকত সংঘটিত হিজাব বিতৰ্কৰ স্মৃতি পুনৰ জগাই তুলিছে। ২০২২ চনত তদানীন্তন বিজেপি চৰকাৰে কৰ্ণাটকৰ সকলো শিক্ষানুষ্ঠানত হিজাব পিন্ধা নিষিদ্ধ কৰিছিল। কিন্তু কেইদিনমানৰ ভিতৰতে কেইগৰাকীমান মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই নিষেধাজ্ঞা অস্বীকাৰ কৰি হিজাব পিন্ধিবলৈ আৰম্ভ কৰে। তাৰ পৰাই বিতৰ্ক আৰম্ভ হয়। । শেহতীয়াকৈ ৰাজ্য খনৰ হাছানৰ বিদ্যা সৌধ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়েও হিজাব পিন্ধি আহিছিল। অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে ছাত্ৰীগৰাকীয়ে হিজাব নহয়, মূৰত কাপোৰ মেৰিয়াই মহাবিদ্যালয়লৈ আহিছিল। কিয়নো তেওঁৰ কাণত সমস্যা হৈছিল, তেওঁ কাণ ঢাকিবলগীয়া হৈছিল।

অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে এই বিষয়ত কথা পাতিছে।ছাত্ৰীগৰাকীয়ে আশ্বাস দিছে যে তেওঁ অনাগত দিনত হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানলৈ নাহিব। কিন্তু তেতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীৰ এটা দলে মহাবিদ্যালয়খনত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। একাংশ ছাত্ৰীয়ে মূৰত গেৰুৱা ৰঙৰ স্কাৰ্ফ মেৰিয়াই কলেজলৈ আহিবলৈ আৰম্ভ কৰিলে। দুবছৰ আগতে, কৰ্ণাটকত বিজেপি চৰকাৰ থকাৰ সময়ত মুখ্যমন্ত্ৰী বি এছ বোম্মাইয়ে শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধ কৰিছিল। ইয়াকে লৈ বহু হুলস্থুল হৈছিল। বিতৰ্কটো সমগ্ৰ দেশতে বিয়পি পৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ত চৰকাৰৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰা হৈছিল। গোচৰটো পিছলৈ উচ্চতম ন্যায়ালয় গৈ পাইছিল। উচ্চ ন্যায়ালয়ৰ আদেশটো বাহাল ৰাখি উচ্চতম ন্যায়ালয়েও শিক্ষানুষ্ঠানত হিজাব নিপিন্ধিবলৈ কৈছিল।

Leave A Reply