শ্ৰী শ্ৰী হৰগৌৰী দেৱালয় অৰ্থাৎ বুঢ়ী গোঁসানী থান আহোম যুগৰে এখন ঐতিহাসিক থান ৷ ১৭৩৪ চনতে আহোম স্বৰ্গদেউ শিৱ সিংহই বুঢ়ী গোঁসানী থান খন বানেশ্বৰ বৰুৱাক দান কৰিছিল ।

তেতিয়াৰ পৰাই বানেশ্বৰ বৰুৱাৰ প্ৰতিটো পিৰিয়ে থানখনৰ পৰিচালনা কৰি আহিছে ৷ বৰ্তমান বৰুৱা বংশৰ নৱম পুৰুষে থানখন পৰিচালনা কৰি আছে যদিও এখন ৰাজহুৱা থান । এই থানখনে আহোম যুগৰে ঐতিহ্য বহন কৰি আহিছে । আহোম ৰজা দিনৰে শিৱ লিংগ ,দুৰ্গা প্ৰতিমা,বিষ্ণুৰ প্ৰিতমা ,সালেগ্ৰাম , লগতে আহোম ৰজা শিৱসিংহ দিনৰে তাম্ৰফলি থানখনত সংৰক্ষণ কৰি ৰখা হৈছে ।
এক আধ্যাত্মিক স্থান হিচাপে জনমানসত এক বিশেষ সমাদৰ লাভ কৰিছে ।অসমৰ বিভিন্ন জেগাৰ লগতে অসমৰ বাহিৰৰ ভক্তই বুঢ়ী গোঁসানী থানত ভীৰ কৰে । এই থানখন প্ৰতি বছৰে এক বিশাল আয়োজনত দুৰ্গা পূজা অনুস্থিত হয় ৷ লগতে বিয়া ,উপনয়ন দৰে মাংগলিক কাৰ্য্য সমুহ থানখনতে সমাপন কৰা হয় ।
ৰঙামাটি ৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন