Breaking

ওদালগুৰিৰ সোনাই বটাবাৰী গেৰেঞ্চিত গৰু চুৰি চক্ৰৰ ভয়ংকৰ কাণ্ড

0 80

ওদালগুৰিৰ সোনাই বটাবাৰীত গৰু চুৰি গেঙৰ ভয়ংকৰ কাণ্ড। দিন দুপৰতে পথাৰত এৰাল দিয়া গৰু চুৰি কৰি নি কৰিলে
হত্যা। আৰক্ষীক খবৰ নিদিবলৈ গৰুৰ গৰাকীক চোকা অস্ত্ৰ লৈ ভাবুকি প্ৰদান গৰু চুৰি গেঙৰ।

দীৰ্ঘ দিন ধৰি এটা অসাধু চক্ৰই কৃষকৰ গৰু চুৰি কৰি নি গো মাংসৰ অবৈধ ব্যৱসায় চলাই নিয়াৰ অভিযোগ স্থানীয় লোকৰ। গৰু চুৰি গেঙৰ সন্ত্ৰাস নিয়ন্ত্ৰণ বাবে চৰকাৰ আৰু প্ৰশাসনক কাতৰ অনুৰোধ স্থানীয় গোপালকসকলৰ।

উল্লেখ্য যে, শনিবাৰে ওদাললগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী চকী অন্তৰ্গত সোনাই বটাবাৰী গাওঁৰ জনাৰ্দ্ধন ৰাজভৰ নামৰ এগৰাকী কৃষকৰ এজনী গাভিনী গাই পথাৰত এৰাল দিয়া ঠাইৰ পৰা চুৰ কৰি নিছিল কোনো অজ্ঞাত লোকে।

পিছত গাইজনীৰ সন্ধান বিচাৰি যাওঁতে বিশ্ব বাগ্লাৰী নামৰ লোক এজনৰ ঘৰৰ পিছফালে গাইজনীক মাৰি চাল এৰাই থকা অৱস্থাত গৃহস্থই প্ৰত্যক্ষ কৰাত গৰু চুৰিৰ গেংটোৱে গাইজনী তেওঁ কিনি অনা বুলি দাবী কৰাৰ লগতে ওলোটাই গৰাকীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে।

গৰু চুৰি চক্ৰৰ ভয় ভাবুকিত উক্ত স্থানৰ পৰা আঁৰি আহি গৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত গৰু চুৰি গেংটোৱে গাইজনীৰ কটা মূৰটো লৈ তাৰ পৰা উধাও হয়। এই সন্দৰ্ভত গৰুৰ মালিক জনাৰ্দ্ধন ৰাজভৰে ভৈৰৱকুণ্ড আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে এজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে যদিও এনে এক সংবেদনশীল বিষয়ত আৰক্ষী যেনেকৈ সষ্টম হব লাগিছিল সেয়া নোহোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।

ইপিনে, অঞ্চলটোত দীৰ্ঘদিন ধৰি গৰু চোৰৰ গেং এটাই সাধাৰণ কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰা আৰু আন এটা অসাধু চক্ৰই গো মাংসৰ অবৈধ ব্যৱসায়ৰ অভিযোগ তুলি এই সমগ্ৰ ঘটনা ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে।

Leave A Reply